NORTHEAST NOW (Assamese)
অসম

১কোটি টকাৰ আৰ্থিক সাহায্য প্ৰত্যাখ্যান হাৰিয়ানাত নিহত কৃষকৰ পৰিয়ালৰ; লাগে মাথোঁ ‘ন্যায়’

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী February 24, 2024 10:11 am

কৃষক আন্দোলনৰ ফলত বলি হ’ল এক সম্ভাৱনাময় জীৱন। হাৰিয়ানা আৰক্ষী আৰু পঞ্জাৱৰ কৃষকৰ মাজত সংঘৰ্ষত প্ৰাণ হেৰুৱালে ২১ বছৰীয়া শুভকৰণ সিঙে। যুৱকজনৰ মৃত্যুত শোক প্ৰকাশ কৰি পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে এক কোটি টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰে। কিন্তু মৃতকৰ পৰিয়ালে আৰ্থিক সাহায্য নিবিচাৰে বুলি স্পষ্ট কৰি দিছে। তেওঁলোকে কয় যে `আমি মাত্ৰ ন্যায় বিচাৰো’।

এই ঘটনাত সৰৱ হৈ পৰিছে ‘দিল্লী চলো’ অভিযানৰ লগত জড়িত সকলো কৃষক। এই অভিযানৰ মুৰব্বীগৰাকীয়ে কয় যে যেতিয়ালৈকে পঞ্জাৱ প্ৰশাসনে অভিযুক্তৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ নকৰে বা এই ঘটনাত লিখিত অভিযোগ দাখিল নকৰে তেতিয়ালৈকে শুভকিৰণৰ শেষকৃত্য সম্পন্ন কৰা নহ’ব। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবেও মুকলি কৰি দিয়া নহ’ব।

লগতে পঢ়কঃ কেন্দ্ৰীয় এজেঞ্চিৰ অভিযানৰ পিছতে বিজেপিক অনুদান দিছে ৩০টা সংস্থাই! কংগ্ৰেছে বিচাৰিছে তদন্ত

কিন্তু তেওঁৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিবলৈ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাটো জৰুৰী। কিন্তু কৃষক আৰু শুভকিৰণৰ পৰিয়ালে এতিয়াও পঞ্জাৱ চৰকাৰৰ পৰা ন্যায়ৰ দাবীত সৰৱ হৈ আছে। মৃতকৰ পৰিয়ালৰ এজন সদস্যই কয়, ‘আমি আমাৰ পুত্ৰৰ ন্যায় বিচাৰো। যিটো টকা বা চাকৰিৰ সমতুল্য নহয়।”

যোৱা বুধবাৰে পঞ্জাৱ-হাৰিয়ানা সীমান্তৰ খানৌৰীত বাথিন্দা নিবাসী শুভকিৰনে প্ৰাণ হেৰুৱাইছিল। পাটিয়ালাৰ ৰাজিন্দ্ৰ চিকিৎসালয়ৰ চিকিৎসা অধীক্ষকে তেওঁৰ মূৰত আঘাত থকা বুলি জানিবলৈ দিছিল। শুভকিৰণৰ কাষত থিয় হৈ সৰৱ কৃষকৰ মুৰব্বী সাৰোৱন সিং পান্ধাৰ।

তেওঁ কয়, “আৰ্থিক সাহায্য কোনো ডাঙৰ বিষয় নহয়। আমি পৰিয়ালক জনাইছো দুদিন হওক বা ১০ দিন হওক, আমি প্ৰথমে এই গোচৰত এফআইআৰ দাখিল কৰিব লাগিব। তেতিয়াহে তেওঁৰ শেষকৃত্য কৰিবলৈ দিয়া হ’ব।”

লগতে পঢ়কঃ ‘মই কোনো মালালা নহয়, মই মোৰ ভাৰতত নিৰাপদ আৰু স্বাধীন’; ভাইৰেল কাশ্মীৰী কন্যা ইয়ানাৰ ভাষণ

ইয়াৰ উপৰিও শুভকিৰণক ‘শ্বহীদ’ আখ্যা দিয়াৰ দাবীও উত্থাপন হৈছে। কৃষক নেতাৰ বিস্ফোৰক অভিযোগ অনুসৰি আৰ্থিক সাহায্যৰে বিষয়টো সমাপ্ত কৰিবলৈ শুভকিৰণৰ পৰিয়ালক হেঁচা প্ৰয়োগ কৰা হৈছে। কিন্তু মৃতকৰ পৰিয়াল আৰু ক্ষতিগ্ৰস্ত কৃষকসকলে ইমান সহজে হাৰ মানিবলৈ অনিচ্ছুক। এতিয়া এই ঘটনাত পঞ্জাৱ চৰকাৰে কি পদক্ষেপ লয় সেয়া লক্ষ্যণীয়।