• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘মই কোনো মালালা নহয়, মই মোৰ ভাৰতত নিৰাপদ আৰু স্বাধীন’; ভাইৰেল কাশ্মীৰী কন্যা ইয়ানাৰ ভাষণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 24, 2024 8:11 am
ইয়ানা মিৰ। ফটোঃ সংগ্ৰহীত।

ইয়ানা মিৰ। ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেওঁ মালালা নহয়। কেতিয়াও নহ’ব। কাৰণ তেওঁ কেতিয়াও নিজৰ দেশ এৰি পলায়ন কৰিব নালাগে। জন্মভূমি কাশ্মীৰত তেওঁ সুৰক্ষিত। তেওঁ কাশ্মীৰত স্বাধীনভাৱে চলাফুৰা কৰিব পাৰে। শেহতীয়াকৈ ব্ৰিটিছ সংসদ ভৱনত ইয়ানা মিৰৰ ভাষণ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

ইয়ানাৰ ভাষণক লৈ চৌদিশে চৰ্চা চলি আছে। ছচিয়েল মিডিয়াত একপ্ৰকাৰ ধুমুহাৰ সৃষ্টি কৰিছে তেওঁৰ সাৱলীল বক্তৱ্যই। ইয়ানা মিৰ ভাৰতৰ কাশ্মীৰৰ বাসিন্দা। তেওঁ কাশ্মীৰতে ডাঙৰ-দীঘল হৈছে। তেওঁ কাশ্মীৰৰ এগৰাকী সমাজকৰ্মী।

ব্ৰিটিছ সংসদ ভৱনত দিয়া সেই ভাইৰেল ভাষণত ইয়ানাই কোৱা শুনা গৈছে, ‘মই কোনো মালালা ইউছাফজাই নহয়। কাৰণ মই মোৰ দেশ ভাৰতত স্বাধীন আৰু নিৰাপদ। ভাৰতৰ অংগ মোৰ জন্মভূমি কাশ্মীৰত মই স্বাধীন আৰু নিৰাপদ। মই কেতিয়াও নিজৰ দেশ এৰি আপোনাৰ দেশত আশ্ৰয় ল’ব নালাগিব। মই কেতিয়াও মালালা ইউছুফজাই নহওঁ।’

Apply Now
ইয়ানা মিৰ। ফটো সৌজন্যাঃ ছচিয়েল মিডিয়া।

উল্লেখ্য যে মালালা ইউছুফজাই বৰ্তমান ব্ৰিটেইনত থাকে। মহিলাৰ শিক্ষাৰ ওপৰত তালিবানী নিষেধাজ্ঞাৰ বিৰুদ্ধে থিয় দিছিল মালালা। আৰু তাৰ বাবেই ২০১২ চনত পাকিস্তানৰ শ্বাট উপত্যকাত তালিবানে মালালাক আক্ৰমণ কৰিছিল। মালালাক লক্ষ্য কৰি গুলীওৱা হৈছিল। সেই আক্ৰমণৰ পিছত মালালা ব্ৰিটেইনলৈ গুচি যায় আৰু অক্সফৰ্ড বিশ্ববিদ্যালয়ত অধ্যয়ন কৰে। ২০১৪ চনত শান্তিৰ নোবেল বঁটা লাভ কৰা আটাইতকৈ কম বয়সীয়া মহিলা হিচাপে পৰিগণিত হয় মালালা।

কিন্তু মালালাই নিজৰ দেশৰ পৰা পলায়ন কৰি ব্ৰিটেইনত বহি ভাৰতক লৈ যি ধৰণৰ মন্তব্য কৰে তাক লৈ কাশ্মীৰী কন্যা ইয়ানা মিৰৰ তীব্ৰ আপত্তি আছে। সেই ভাইৰেল ভাষণত ইয়ানাই কোৱা শুনা গৈছে, “কিন্তু মোৰ আপত্তি আছে, মালালা ইউছুফজাই মোৰ দেশক অপমান কৰিছে। মোৰ প্ৰগতিশীল মাতৃভূমিক ‘নিপীড়িত’ বুলি কৈছে। ছ’চিয়েল মিডিয়া আৰু বিদেশী মিডিয়াত এনে সকলো ‘টুলকিট মেম্বাৰ’ৰ প্ৰতি মোৰ আপত্তি আছে, যিসকলে ভাৰতীয় কাশ্মীৰ কেনেকুৱা কেতিয়াও দেখা নাই, কিন্তু ‘নিপীড়ণ’ৰ কাহিনী সৃষ্টি কৰি আছে৷”

I am not a Malala

I am free and safe in my homeland #Kashmir, which is part of India

I will never need to runaway from my homeland and seek refuge in your country: Yana Mir @MirYanaSY in UK Parliament. #SankalpDiwas pic.twitter.com/3C5k2uAzBZ

— Sajid Yousuf Shah (@TheSkandar) February 22, 2024

কাশ্মীৰ উপত্যকাৰ পৰা ওলাই অহা প্ৰথমগৰাকী ভাৰতীয় মহিলা ব্লগাৰ হৈছে ইয়ানা মিৰ। ব্ৰিটিছ সংসদ ভৱনত দিয়া সেই অগ্নিময় ভাষণত ইয়ানাই সকলোকে আহ্বান জনায় যাতে ধৰ্মৰ ভিত্তিত ভাৰতীয়ক মেৰুকৰণৰ চেষ্টা বন্ধ কৰে। উদাত্ত ভাষণৰ শেষত তেওঁ কোৱা শুনা গৈছে, “আমি আমাক কোনো কাৰণতে (ঐক্য) ভাঙিব নিদিওঁ। আশাকৰোঁ ব্ৰিটেইন আৰু পাকিস্তানত বাস কৰা কিছুমান মানুহে মোৰ দেশক অপমান কৰা বন্ধ কৰিব।’ 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এছ আই আৰ বিৰোধিতাৰে মুখ্য ন্যায়াধীশলৈ পত্ৰ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ; কংগ্ৰেছ, আপকে ধৰি ২৩ টা দলৰ স্বাক্ষৰ

এছ আই আৰ বিৰোধিতাৰে মুখ্য ন্যায়াধীশলৈ পত্ৰ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ; কংগ্ৰেছ, আপকে ধৰি ২৩ টা দলৰ স্বাক্ষৰ

June 30, 2026 3:14 pm
পাহাৰীয়া ‘হোম ষ্টে’ত চাঞ্চল্যকৰ ঘটনা! উদ্ধাৰ যুৱতীৰ মৃতদেহ, অচেতন অৱস্থাত উদ্ধাৰ ‘প্ৰেমিক’

পাহাৰীয়া ‘হোম ষ্টে’ত চাঞ্চল্যকৰ ঘটনা! উদ্ধাৰ যুৱতীৰ মৃতদেহ, অচেতন অৱস্থাত উদ্ধাৰ ‘প্ৰেমিক’

June 30, 2026 1:23 pm
ৰোমাঞ্চকৰ মেচত নেডাৰলেণ্ডছৰ বিদায়! পেনাল্টি শ্বুটআউটত ৩-২ ব্যৱধানত জয়লাভ কৰি পৰৱৰ্তী ৰাউণ্ডত মৰক্কো

ৰোমাঞ্চকৰ মেচত নেডাৰলেণ্ডছৰ বিদায়! পেনাল্টি শ্বুটআউটত ৩-২ ব্যৱধানত জয়লাভ কৰি পৰৱৰ্তী ৰাউণ্ডত মৰক্কো

June 30, 2026 1:10 pm
‘হাত কাটি দিয়া হ’ব’, সিন্ধুৰ পানী বন্ধ কৰিলে ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ ভাবুকি পাকিস্তানৰ

‘হাত কাটি দিয়া হ’ব’, সিন্ধুৰ পানী বন্ধ কৰিলে ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ ভাবুকি পাকিস্তানৰ

June 30, 2026 12:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এছ আই আৰ বিৰোধিতাৰে মুখ্য ন্যায়াধীশলৈ পত্ৰ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ; কংগ্ৰেছ, আপকে ধৰি ২৩ টা দলৰ স্বাক্ষৰ

এছ আই আৰ বিৰোধিতাৰে মুখ্য ন্যায়াধীশলৈ পত্ৰ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ; কংগ্ৰেছ, আপকে ধৰি ২৩ টা দলৰ স্বাক্ষৰ

June 30, 2026 3:14 pm
পাহাৰীয়া ‘হোম ষ্টে’ত চাঞ্চল্যকৰ ঘটনা! উদ্ধাৰ যুৱতীৰ মৃতদেহ, অচেতন অৱস্থাত উদ্ধাৰ ‘প্ৰেমিক’

পাহাৰীয়া ‘হোম ষ্টে’ত চাঞ্চল্যকৰ ঘটনা! উদ্ধাৰ যুৱতীৰ মৃতদেহ, অচেতন অৱস্থাত উদ্ধাৰ ‘প্ৰেমিক’

June 30, 2026 1:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd