NORTHEAST NOW (Assamese)
অসম

নলবাৰীত একেটা পৰিয়ালৰ চাৰি সদস্যৰ বিহ খাই আত্মহত্যাৰ চেষ্টা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 17, 2022 7:17 pm
family of four attempt suicide in nalbari

নলবাৰী জিলাৰ অনগৰধোৱা গাঁৱত চাৰিজনীয়া এটা পৰিয়ালে বিহ খাই আত্মহত্যাৰ চেষ্টা চলায়।

আজি আবেলি এই বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে।

চাৰিজনীয়া পৰিয়ালটোৰ শ্যামন্ত ৰাজবংশী, তেওঁৰ পত্নী কণিকা ৰাজবংশী, তেওঁলোকৰ পুত্ৰ আৰু কন্যাই বিহ খাই আত্মহত্যাৰ চেষ্টা চলায়।

পৰিয়ালটোৰ মুৰব্বী শ্যামন্ত আৰু তেওঁৰ পত্নী-পুত্ৰৰ অৱস্থা সংকটজনক যদিও কন্যা গৰাকী বৰ্তমান সুস্থ অৱস্থাত আছে বুলি জানিব পৰা গৈছে।

সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি কন্যা গৰাকীয়ে কয় যে পাৰিবাৰিক সমস্যাৰ বাবে তেওঁলোক সকলোৱে বিহ সেৱন কৰিছিল।

“সেৱন কৰা বিহ বিধ কি আছিল, মই নাজানো। মোৰ দেউতাই প্ৰথমে বিহ খাইছিল আৰু তাৰ পিছত মোৰ ভাতৃয়ে দেউতাৰ মৃত্যু হ’লে জীয়াই নাথাকোঁ বুলি চিৎকাৰ কৰি বিহ সেৱন কৰিছিল।” তেওঁ লগতে কয়।

ইয়াৰ পিছতে তেওঁ মাকৰ সৈতে নিজেও বিহ খাইছিল বুলি জানিবলৈ দিয়ে।

তেওঁ অভিযোগ কৰে যে তেওঁলোক গুৱাহাটীত বাস কৰি আছিল যদিও তেওঁলোকৰ আত্মীয়সকলে তেওঁলোকক নলবাৰীলৈ ঘূৰি যাবলৈ কৈছিল।

তেওঁলোক স্থানান্তৰিত হোৱাৰ পিছতো তেওঁলোকৰ পৰিয়ালৰ নিকটাত্মীয়কসকলে হাৰাশাস্তি কৰিছিল বুলিও অভিযোগ কৰে।

আনহাতে এজন স্থানীয় লোকে পাৰিবাৰিক কাজিয়াৰ বাবে পৰিয়ালটোৱে এই কাৰ্য কৰে বুলি দাবী জনায়।

ইতিমধ্যে চিকিৎসাধীন হৈ থকা ব্যক্তি কেইজনে সঠিক চিকিৎসা পালে জীয়াই থাকিব বুলি জানিবলৈ দিছে চিকিৎসক সকলে।