NORTHEAST NOW (Assamese)
অসম

অপ্ৰতিৰোধ্য মূল্যবৃদ্ধি! ৰাজ্যত শীঘ্ৰেই বৃদ্ধি পাব ফেৰী সেৱাৰ ভাড়া

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 8, 2022 9:46 am
WhatsApp Image 2022-05-08 at 9.37.12 AM

ৰাজ্যৰ বাকী সকলো বয়বস্তুৰ দৰে নদী পথবোৰত ফেৰীৰ ভাড়াও অতি শীঘ্ৰেই দুগুণলৈ বৃদ্ধি হ’ব পাৰে।

আভ্যন্তৰীণ জল পৰিবহণ নিয়ামক কৰ্তৃপক্ষ (আইডব্লিউটিআৰএ), অসমে ইয়াৰ গুৱাহাটী, ডিব্ৰুগড় আৰু শিলচৰ শাখাৰ অধীনত সকলো ফেৰী সেৱাৰ যাত্ৰী আৰু সামগ্ৰীৰ শুল্ক বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়াৰ বাবে ভাড়া বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

নতুন প্ৰস্তাৱ অনুসৰি বৰ্তমানৰ যাত্ৰীৰ ভাড়া ২.৫০ টকা হোৱা স্থানত ভাড়া ৫ টকালৈ বৃদ্ধি হ’ব পাৰে।

লগতে পঢ়ক: হিন্দুত্ববাদক ফেচীবাদৰ সৈতে জড়িত কৰি পৰীক্ষাত প্ৰশ্ন! বিতৰ্কত বেচৰকাৰী বিশ্ববিদ্যালয়

সেইদৰে, চাইকেল পৰিবহনৰ মাচুল বৰ্তমানৰ ৪.৫০ টকাৰ পৰা ৯ টকালৈ বৃদ্ধি কৰা হ’ব।

একে ধৰণে, দুচকীয়া বাহন পৰিবহনৰ ভাড়া বৰ্তমানৰ ৭ টকাৰ পৰা এতিয়া ১৪ টকা ব্যয় হ’ব।

আনহাতে, সন্ধিয়া ৮ বজাৰ পিছত জল পৰিবহনৰ ভাড়া স্বাভাৱিক হাৰৰ দুগুণতকৈও অধিক হ’ব।

সন্ধিয়া ৮ বজাৰ পিছত ভ্ৰমণত যাত্ৰীসকলৰ বাবে ১০ টকা, চাইকেলৰ বাবে ১৮ টকা, সামগ্ৰীৰ বাবে ২০ টকা (প্ৰতি কুইন্টল) আৰু দুচকীয়া বাহনৰ বাবে ২৮ টকা ব্যয় হ’ব।

লগতে পঢ়ক: যুদ্ধৰ বাহিৰৰ খৱৰ: বেলাৰুচত আটক সাংবাদিকৰ ৰাছিয়ান প্ৰেমিকাক ৬ বছৰৰ কাৰাদণ্ড

ইপিনে, প্ৰস্তাৱটোৰ সম্পৰ্কত কৰ্তৃপক্ষই যাত্ৰীসকলৰ বাবে এটা ইমেইল ঠিকনা ([email protected]) জাৰি কৰিছে যাতে তেওঁলোকে ১৫ দিনৰ ভিতৰত আপত্তি (যদি কিবা থাকে) উত্থাপন কৰিব পাৰে।

যদি কোনো আপত্তি পোৱা নহয় তেতিয়া বিভাগে প্ৰস্তাৱিত ভাড়া প্ৰযোজ্য কৰিব।