NORTHEAST NOW (Assamese)
অসম

যুদ্ধৰ বাহিৰৰ খৱৰ: বেলাৰুচত আটক সাংবাদিকৰ ৰাছিয়ান প্ৰেমিকাক ৬ বছৰৰ কাৰাদণ্ড

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 8, 2022 8:49 am

বিদ্বেষ বিয়পোৱাৰ অপৰাধৰ যোৱা বছৰ বিমান অৱতৰণ কৰাই আটক কৰা সাংবাদিক ৰোমান প্ৰোটাছেভিছৰ ৰাছিয়ান প্ৰেমিকা ছোফিয়া ছাপেগাক বেলাৰুচৰ এখন আদালতে ৬ বছৰৰ কাৰাদণ্ড বিহিছে।

২০২১ চনৰ মে’ মাহত চৰকাৰৰ সমালোচক হিচাপে পৰিচিত সাংবাদিকগৰাকীক তেওঁ প্ৰেমিকাৰ সৈতে বেলাৰুচ চৰকাৰে আটক কৰে।

ৰাইন এয়াৰৰ এখন বিমানত ২৪ বছৰীয়া ৰাছিয়ান যুৱতী ছোফিয়া ছাপেগাকলৈ গ্ৰীচৰ ৰাজধানী এথেন্সৰ পৰা লিথুৱানিয়াৰ ৰাজধানী ভিলিনুছলৈ গৈ আছিল সাংবাদিক ৰোমান প্ৰোটাছেভিছ।

বেলাৰুচ চৰকাৰৰ প্ৰশাসনে উক্ত বিমানখন বোমা আক্ৰমণৰ আশংকা থকাৰ তথ্য দি বিমানখনৰ যাত্ৰাপথ সলনি কৰি বেলাৰুচৰ ৰাজধানী মিনস্কত অৱতৰণ কৰোৱায়। তাৰ পিছত বিমানত যাত্ৰা কৰা সাংবাদিক ৰোমান প্ৰোটাছেভিছ আৰু তেওঁৰ বান্ধৱী-প্ৰেমিকা ছোফিয়া ছাপেগাক আটক কৰে।

বোমা আক্ৰমণৰ আশংকাৰ তথ্যৰ সত্যতা পোৱা নগ’ল আৰু ইয়াৰ বাবে বেলাৰুচৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাছেংকো প্ৰবল সমালোচনাৰো সন্মুখীন হয়।

লগতে পঢ়ক: হিন্দুত্ববাদক ফেচীবাদৰ সৈতে জড়িত কৰি পৰীক্ষাত প্ৰশ্ন! বিতৰ্কত বেচৰকাৰী বিশ্ববিদ্যালয় 

ছোফিয়াক দিয়া ৰায়ৰ পিছতে বেলাৰুচৰ বিৰোধী দলৰ নিৰ্বাসিত নেতা ছিখানোস্কায়াই ছোফিয়া আৰু তেওঁৰ পৰিয়ালৰ প্ৰতি সমবেদনা জনাই স্বেচ্ছাছাৰী শাসকৰ বাবে কোনোৱে যেন নিৰ্যাতনৰ বলি হ’ব লগা নহয় তাৰ কামনা কৰে।

ইপিনে, ক্ৰেমলিনৰ মুখপাত্ৰ ডিমিত্ৰি পেছকোভে ছোপিয়াক সাহায্য প্ৰদানৰ কথা জানিবলৈ দিছে। তেওঁ কয় যে ছোফিয়া এগৰাকী ৰাছিয়ান নাগৰিক সেয়ে আমি আমাৰ কূটনৈতিক তথা আন উপায়েৰে তেওঁৰ আইনী অধিকাৰ নিশ্চিত কৰিম।

আনহাতে, সাংবাদিক ৰোমান প্ৰোটাছেভিছৰ বিচাৰ প্ৰক্ৰিয়া এতিয়াও আৰম্ভ হোৱা নাই। সাংবাদিক প্ৰোটাছেভিছে ২০১৯চনত বেলাৰুচ ত্যাগ কৰি পোলেণ্ডৰ নেক্স টা লাইভ নামৰ সংবাদমাধ্যম এটাত কাম কৰি আছিল। এই সংবাদ মাধ্যমটোৱে বেলাৰুচৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাছেংকো চৰকাৰৰ সমালোচনা কৰি আহিছে।