NORTHEAST NOW (Assamese)
Popular Stories

অৱসান ঘটিল এক গৌৰৱময় পৰিক্ৰমাৰ; অৱসৰ ল’লে বিৰাটে!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 26, 2022 5:49 pm
Virat Farewell

বিৰাটে অৱসৰ ল’লে! এক দীঘলীয়া বৰ্ণিল পৰিক্ৰমাৰ সমাপ্তি ঘটিল আজি। গণৰাজ্য দিৱসৰ পেৰেডৰ পিছতে ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীয়ে বিদায় সম্ভাষণ জনালে বিৰাটক।

অৱশ্যে এই বিৰাট দেশৰ তাৰকা খেলুৱৈ বিৰাট কোহলী নহয়। এই বিৰাট হৈছে ৰাষ্ট্ৰপতিৰ বডীগাৰ্ড কমাণ্ডেণ্ট ক’ল’নেল অনুপ তিৱাৰীৰ এটা ক’লা ঘোঁৰা।

২১টা বছৰ ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতিৰ সেৱাত নিয়োজিত বিৰাটে আজি ৭৩ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডৰ পিছতে অৱসৰ গ্ৰহণ কৰিলে।

ৰাষ্ট্ৰপতি ৰামনাথ ক’বিন্দ, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে গণৰাজ্য দিৱসৰ পেৰেডৰ পিছতে অৱসৰ লোৱা বিৰাটক বিদায় সম্ভাষণ জনায়।

 

উল্লেখ্য যে বিৰাটে ১৩ বাৰ গণৰাজ্য দিৱসৰ পেৰেডত অংশ লৈছিল। আজি শেষবাৰৰ বাবে গণৰাজ্য দিৱসত পেৰেড কৰিলে বিৰাটে।

যোৱা ১৫ জানুৱাৰীত সেনা দিৱসৰ দিনা বিৰাটক চীফ অৱ দ্য আৰ্মী ষ্টাফৰ কমেণ্ডেশ্যন সন্মান প্ৰদান কৰা হৈছিল।

উত্‍কৃষ্ট সেৱা আৰু সক্ষমতাৰ বাবে এই সন্মান লাভ কৰা বিৰাটেই হৈছে প্ৰথমটো ঘোঁৰা।