NORTHEAST NOW (Assamese)

আল ফালাহ বিশ্ববিদ্যালয়ৰ কাৰ্যকলাপৰ তদন্তৰ বাবে এছআইটি গঠন আৰক্ষীৰ

November 21, 2025 10:27 am · এন ই নাও নিউজ, গুৱাহাটী

বৰ্তমান দিল্লীত সংঘটিত গাড়ী বিস্ফোৰণ আৰু কমেও তিনিখন ৰাজ্যত বিয়পি পৰা হোৱাইট কলাৰ সন্ত্ৰাসবাদী মডিউলৰ সন্দৰ্ভত একাধিক সংস্থাই তদন্ত চলাই থকাৰ সময়তে ফৰিদাবাদ আৰক্ষীয়ে আল ফালাহ বিশ্ববিদ্যালয়ৰ কাৰ্যকলাপ চোৱাচিতা কৰিবলৈ এক সুকীয়া বিশেষ তদন্তকাৰী দল গঠন কৰিছে

ইফালে, তদন্তকাৰী সংস্থাই এজন কেব চালক, এজন মৌলবী আৰু এজন উৰ্দু শিক্ষকক সোধা-পোছাৰ বাবে আটক কৰিছে বুলি সূত্ৰই প্ৰকাশ কৰিছে।

দুজন সহকাৰী আৰক্ষী আয়ুক্ত, এজন পৰিদৰ্শক আৰু দুজন উপ-পৰিদৰ্শকৰে গঠিত এছ আই টিয়ে বিশ্ববিদ্যালয়খনৰ কাৰ্যকলাপৰ এক বিস্তৃত প্ৰতিবেদন প্ৰস্তুত কৰি আছে।

ফৰিদাবাদৰ আৰক্ষী আয়ুক্ত সতেন্দৰ কুমাৰ গুপ্তাই বিশ্ববিদ্যালয়খন কেনেদৰে সন্ত্ৰাসবাদৰ কেন্দ্ৰবিন্দু হৈ পৰিছে তাক তদন্ত কৰিবলৈ এছ আই টিক নিৰ্দেশ দিছে। এছ আই টিৰ সদস্যসকলক সন্ত্ৰাসবাদী মডিউলৰ পুঁজি আৰু বিস্ফোৰকৰ ট্ৰেইলৰ বিষয়ে বিতং তথ্য সংগ্ৰহ কৰিবলৈ কোৱা হৈছিল।

আৰক্ষী সূত্ৰই জনোৱা মতে, মঙলবাৰে আল ফালাহ বিশ্ববিদ্যালয় পৰিদৰ্শন কৰা আৰক্ষী সঞ্চালক প্ৰধান অ পি সিঙে আয়ুক্ত আৰু উপ-আয়ুক্তই ব্যক্তিগতভাৱে সেই স্থানলৈ যাব লাগে আৰু প্ৰশাসনে সন্মুখৰ পৰা নেতৃত্ব দিব লাগে বুলি কোৱাৰ পিছতে এছ আই টি গঠন কৰা হৈছে।

ইফালে, তদন্তকাৰী সংস্থাই যোৱা নিশা ধৌজ গাঁৱৰ এজন কেব চালকক আটক কৰে।

সূত্ৰ অনুসৰি, বিষয়াসকলে চালকজনৰ ঘৰৰ পৰা এটা গ্ৰাইণ্ডিং মেচিন আৰু আন এটা বৈদ্যুতিক যন্ত্ৰ উদ্ধাৰ কৰে, যিবোৰ তেওঁৰ জিম্মাত ৰাখিছিল গ্ৰেপ্তাৰ কৰা আল ফালাহ বিশ্ববিদ্যালয়ৰ এজন চিকিৎসক আৰু সন্ত্ৰাসবাদী মডিউল গোচৰৰ প্ৰধান সন্দেহযুক্ত ডাঃ মুজামিল গানাইয়ে।

তেওঁলোকে লগতে কয় যে ডাঃ গনাইয়ে কেব চালকজনৰ জৰিয়তে একাংশ ছাত্ৰ-ছাত্ৰী আৰু অন্যান্য সহযোগীক চিম কাৰ্ড প্ৰদান কৰিছিল।

ইফালে সংস্থাসমূহে নুহ জিলাৰ ঘছেৰা গাঁৱৰ বাসিন্দা এজন মৌলবী আৰু এজন উৰ্দু শিক্ষককো আটক কৰে।

Related News