NORTHEAST NOW (Assamese)
Popular Stories

বিদ্ৰোহী কৃষকৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ দাৰস্থ হ’ল মুকেশ আম্বামীৰ জিঅ’ : পিছে কিয়?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 4, 2021 2:19 pm
index.jpgb

দেশৰ শীৰ্ষস্থানীয় উদ্যোগপতি মুকেশ আম্বানীৰ প্ৰতিষ্ঠান ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেড(RIL)এ পঞ্জাৱৰ বিদ্ৰোহী কৃষকৰ বিৰুদ্ধে উচ্চ ন্যায়ালায়ৰ দাৰস্থ হৈছে।

উল্লেখ্য যে পঞ্জাৱৰ বিদ্ৰোহী কৃষকে ৰাজ্যখনত থকা জিঅ’ টেলিকম লিমিটেডৰ টাৱাৰসমূহ আক্ৰমণৰ লক্ষ্য কৰি লৈছিল।

ইয়াৰ পিছতে মুকেশ আম্বামীৰ প্ৰতিষ্ঠানটোৱে জিঅ’ টাৱাৰক ধ্বংস কৰিবলৈ লক্ষ্য কৰি লোৱা কৃষকৰ বিৰুদ্ধে পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছে।

সোমবাৰে উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰি প্ৰতিষ্ঠানটোৱে এই ক্ষেত্ৰত ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিছে।

“এনে হিংত্মাক কাৰ্য প্ৰতিষ্ঠানটোৰ সহস্ৰাধিক কৰ্মচাৰীৰ জীৱন বিপন্ন কৰিছে আৰু আন্তঃগাঁথনিৰ ক্ষতি সাধন কৰাৰ লগতে গুৰুত্বপূৰ্ণ যোগাযোগত বাধা আহিছে। টাৱাৰ লণ্ডভণ্ড কৰাসকলক ন্যস্তস্বাৰ্থ আৰু আমাৰ ব্যৱসায়িক প্ৰতিদ্বন্দ্বীসকলে প্ৰৰোচিত কৰিছে।” এনআইএ-এ প্ৰতিষ্ঠানটোৰ উদ্ধৃতিৰে এইদৰে প্ৰকাশ কৰিছে।

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ প্ৰণয়ন কৰা তিনিখন বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীত আন্দোলনৰত পঞ্জাৱ একাংশ কৃষকে দেশৰ উদ্যোগপতি গৌতম আদানীৰ লগতে মুকেশ আম্বামীকো লক্ষ্য কৰি লোৱা পৰিলক্ষিত লৈছে।