NORTHEAST NOW (Assamese)
অসম

চীনৰ প্ৰকল্প বন্ধৰ দাবীত নেপালত তীব্ৰ প্ৰতিবাদ; বিমোৰত পৰিছে বেইজিং

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 4, 2021 2:32 pm
WhatsApp Image 2021-01-04 at 2.05.20 PM

চীনৰ অৰ্থ সাহায্যত নেপালৰ প্ৰধান মন্ত্ৰী কে পি শৰ্মা অ’লিৰ নিৰ্বাচনী ক্ষেত্ৰত এটা ঔদ্যোগিক প্ৰকল্প নিৰ্মাণ কৰা হৈছিল।

পূৰ্বতে কোনো সমস্যাৰ সৃষ্টি হোৱা নাছিল যদিও সম্প্ৰতি এই প্ৰকল্প বন্ধ কৰাৰ দাবীত নেপালত তীব্ৰ প্ৰতিবাদ আৰম্ভ হৈছে।

এনে পৰিস্থিতি দেখি স্বাভাৱিকতে চাপত পৰিছে বেইজিং। কিয়নো ইয়াৰ পূৰ্বে নেপালত কেতিয়াও এনে পৰিস্থিতিৰ সৃষ্টি হোৱা নাছিল।

বাতৰি অনুসৰি, কিছুদিন পূৰ্বে নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মাৰ নিৰ্বাচনী ক্ষেত্ৰৰ দামাৰ পৌৰসভা অঞ্চলত চীনৰ অৰ্থ সাহায্যত দামাক ক্লিন ইণ্ডাষ্ট্ৰিয়েল পাৰ্কৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল।

প্ৰথমাৱস্থাত কোনো সংস্যা নাছিল যদিও বৰ্তমান সেই প্ৰকল্পৰ বাবে অধিগ্ৰহণ কৰা ভূমিৰ উপযুক্ত ক্ষতিপূৰণ দাবী কৰি স্থানীয় লোকে আন্দোলন আৰম্ভ কৰিছে।

প্ৰতিবাদকাৰীসকলে চীনৰ বিৰুদ্ধে শ্ল’গান দিয়াও দেখা গৈছে। তদুপৰি, এই আন্দোলনত নেপালৰ বুদ্ধিজীৱী-শিক্ষাবিদকে ধৰি সকলো শ্ৰেণীৰ লোকে সমৰ্থন জনাইছে।

বৰ্তমান পৰিস্থিতি ক্ৰমে জটিল হৈ পৰিছে আৰু প্ৰশাসনে বিষয়টোক লৈ চিন্তিত হৈ পৰিছে। প্ৰতিবাদকাৰী নেতাসকলে প্ৰকল্পটো ৰূপায়নত পৰিৱেশ সম্পৰ্কীয় প্ৰভাৱৰ বিষয়টো চালিজাৰি নোচোৱা বুলি অভিযোগ কৰিছে।

তদুপৰি, এই প্ৰকল্পটোৰ জৰিয়তে স্থানীয় লোকসকল কেনেদৰে উপকৃত হ’ব বা দেশখনৰ কি লাভ হ’ব আৰু নেপালৰেই বা উদ্দেশ্য কি তাক সন্দেহৰ উদ্ৰেক হৈছে। গতিকেই এই বিষয়বোৰৰ সিদ্ধান্ত নোহোৱালৈকে প্ৰকল্প নিৰ্মাণৰ কাম চলাবলৈ দিয়া নহ’ব বুলি স্পষ্ট কৰি দিছে আন্দেলনকাৰীসকলে।