NORTHEAST NOW (Assamese)

পত্নী প্ৰেম: মাটি বেচি হাতী কিনিলে এইজন দৰিদ্ৰ কৃষকে, কিন্তু কিয়?

September 23, 2020 6:11 pm · এন ই নাও নিউজ

পত্নীৰ প্ৰেমে বহুতকে বহু কামেই কৰোৱাবলৈ বাধ্য কৰে।

পত্নীৰ প্ৰতি থকা অগাধ মৰমৰ বাবেই  চাহজাহানে পত্নী মমতাজৰ স্মৃতিত নিৰ্মাণ কৰোৱাইছিল আটক ধুনীয়া তাজমহল।

এই খবৰৰ নায়ক পিছে চাহজাহানৰ দৰে ধনী নহয় অথবা তেওঁ পত্নীৰ বাবে তাজমহলো গঢ়িবলৈ যোৱা নাই।

তেওঁ মাথো পত্নীৰ আব্দাৰত নিজৰ খেতিৰ মাটি বিক্ৰি কৰি হাতীহে কিনিছে।

বাংলাদেশৰ লালমণিহাট পঞ্চগ্ৰামৰ বাসিন্দা দুলাল চন্দ্ৰ ৰায়।

পেছাত সাধাৰণ কৃষক দুলাল চন্দ্ৰ ৰায়ৰ পত্নী তুলসী ৰাণী ৰায়ে সপোনত দেখিলে যে তেওঁক সদাশিৱ আৰু বিশ্বকৰ্মাই হাতী প্ৰতিপালন কৰিবলৈ কৈছে।

দুখীয়া কৃষক দুলাল চন্দ্ৰক ইয়াৰ পিছৰে পৰা পত্নী তুলসী ৰাণীয়ে হাতী এটা কিনি দিবলৈ খাটনি  ধৰে।

পত্নীৰ অনুৰোধ পেলাব নোৱাৰি দুলাল চন্দ্ৰই নিজৰ খেতি কৰা মাটিৰে দুবিঘা মাটি বিক্ৰি কৰি সেই ধনেৰে হাতী কিনিলে।

বাংলাদেশী মুদ্ৰাৰ হিচাপত ১৬ লাখ ৫০ হাজাৰ টকাত মৌলৱী বজাৰৰ পৰা কিনি অনা হাতীটো দেখি আনন্দত আত্মহাৰা হ’ল পত্নী।

কেৱল সেয়াই নহয়,হাতীটো চোৱা-চিতা কৰাৰ বাবে অনা হ’ল এজন মাউতো।

মাউতক দুলাল চন্দ্ৰই দৰমহা হিচাবে মাহে দিব লাগিব ১৫ হাজাৰ টকাকৈ।

দৰিদ্ৰ কৃষকজনে পত্নীৰ বাবেই বজাৰৰ পৰা হাতী কিনি অনাৰ খবৰ বিয়পি পৰাৰ লগে লগে হাতীটো চাবলৈ মানুহৰ লানি নিচিগা সোঁত ব’বলৈ ধৰিছে।

দুলাল চন্দ্ৰ পত্নীৰ প্ৰতি থকা প্ৰেমে সকলোকে আচৰিত কৰি তুলিছে।

Related News