NORTHEAST NOW (Assamese)
দেশ

কৃষক নেতা ৰাকেশ টিকাইটক মৃত্যুৰ ভাবুকি, তদন্ত ঘোষণা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 28, 2022 8:22 pm
Rakesh Tikait

তিনি বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীত দিল্লী সীমান্তত কৃষক আন্দোলনক নেতৃত্ব দিয়া ভাৰতীয় কিষাণ ইউনিয়নৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ৰাকেশ টিকাইটক হত্যাৰ ভাবুকি দিয়াৰ ঘটনা পোহৰলৈ আহিছে।

বাতৰি অনুসৰি কৃষক নেতা ৰাকেশ টিকাইটক এজন অচিনাক্ত ব্যক্তিয়ে ফোনযোগে মৃত্যুৰ ভাবুকি দিয়ে।

কৃষক নেতাজনক অজ্ঞাত ব্যক্তিজনে ফোন যোগে মৃত্যুৰ ভাবুকি দিয়াৰ লগতে অশ্ৰাব্য গালি-গালাজও কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

মুজাফ্ফৰনগৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অভিষেক যাদৱে কয় যে ভাৰতীয় কিষাণ ইউনিয়ন (বিকেইউ)ৰ নেতাৰ চালক পাৰ্জভাল ত্যাগীয়ে চিভিল লাইনছ আৰক্ষী থানাত দাখিল কৰা অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

ইফালে, জ্যেষ্ঠ উপ-পৰিদৰ্শক ৰাকেশ শৰ্মাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে টিকাইটৰ বাসগৃহলৈ গৈ তেওঁৰ সৈতে এই সন্দৰ্ভত আলোচনা কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।