NORTHEAST NOW (Assamese)
দেশ

শ্বহীদ কৃষক পৰিয়ালক ৰাজ্য অনুসৰি ক্ষতিপূৰণ আৰু নিযুক্তিৰ আহ্বান কৃষক নেতাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 4, 2021 3:58 pm
Farmers Protest

ভাৰতীয় কিষাণ ইউনিয়নৰ (BKU) নেতা ৰাকেশ টিকাইটে কৃষি আইন বিৰোধী আন্দোলনত প্ৰাণ হেৰুওৱা কৃষকসকলৰ আত্মীয়সকলৰ বাবে ৰাজ্য অনুসৰি ক্ষতিপূৰণ আৰু নিযুক্তিৰ আহ্বান জনাইছে।

টিকাইটে লগতে কয় যে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰ আৰু কৃষকসকলৰ মাজত হোৱা আলোচনা অমীমাংসিত হৈ আছে।

“কালি হাৰিয়ানাৰ মুখ্যমন্ত্ৰী আৰু কৃষকসকলৰ মাজত আলোচনা অমীমাংসিত হৈ আছে। অৱশ্যে তেওঁলোকে কৃষকসকলৰ বিৰুদ্ধে পঞ্জীয়ন কৰা গোচৰবোৰ ঘূৰাই ল’বলৈ সন্মত হৈছে। পঞ্জাৱৰ দৰে কৃষকসকলৰ মৃত্যু আৰু নিযুক্তিৰ বাবে আমাক ৰাজ্য অনুসৰি ক্ষতিপূৰণৰ প্ৰয়োজন।” তেওঁ লগতে কয়।

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে শ্বহীদ কৃষকৰ তথ্য নথকাৰ দোহাই দি কৃষক পৰিয়ালক ক্ষতিপূৰণ নিদিয়াৰ ইঙ্গিত দিছে।

সংসদত বিৰোধীৰ এক প্ৰশ্নৰ উত্তৰত কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰে শ্বহীদ কৃষকৰ তথ্য কৃষি মন্ত্ৰালয়ৰ ওচৰত নথকাৰ দোহাই দি ক্ষতিপূৰণৰ বিষয়টো অস্বীকাৰ কৰিছিল।