NORTHEAST NOW (Assamese)
Popular Stories

অৱতৰণৰ পাছত হাৰ্ট এটেকত আক্ৰান্ত ২৮ বছৰীয়া পাইলট! চিকিৎসা আৰম্ভ হোৱাৰ আগতেই মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 10, 2025 1:06 pm

অৱতৰণ কৰাৰ পাছত পাইলটে হঠাতে বিমানৰ ভিতৰতে বমি কৰিবলৈ ধৰে। তাৰ বুকুত তীব্ৰ বিষ অনুভৱ কৰে। পৰিস্থিতিৰ ভয়াৱহতা উপলব্ধি কৰি সহ-পাইলটে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ পাইলটজনক চিকিৎসালয়লৈ নিবলৈ বাৰ্তা প্ৰেৰণ কৰে। কিন্তু কোনো চিকিৎসা নোপোৱাকৈয়ে তেওঁৰ মৃত্যু হয়।

প্ৰকাশিত বাতৰি অনুসৰি মৃত নৱবিবাহিত পাইলটজনৰ বয়স আছিল ২৮ বছৰ।এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে এক বিবৃতিত কয় যে, ‘শাৰীৰিক অসুস্থতাৰ বাবে এজন মূল্যৱান সহকৰ্মীৰ মৃত্যুত আমি গভীৰভাৱে দুখ প্ৰকাশ কৰিছোঁ। এই শোকৰ সময়ত তেওঁৰ পৰিয়ালৰ সৈতে আমাৰ সমবেদনা জ্ঞাপন কৰিছোঁ। এই বৃহৎ ক্ষতিৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত আমি তেওঁলোকক সকলো ধৰণৰ সহায় আগবঢ়াইছো।”

বিগত কেইটামান বছৰত ভাৰতীয় বিমান সংস্থাৰ কেইবাজনো পাইলটৰ কৰ্তব্যৰত অৱস্থাত হৃদৰোগত মৃত্যু হৈছে। প্ৰয়োজনীয় জিৰণিৰ অভাৱ ইয়াৰ অন্যতম কাৰণ বুলি অভিযোগ উঠিছে। এই পৰিবেশত দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি বিমান নিয়ন্ত্ৰক DGCA (Directorate General of Civil Aviation) য়ে ১ জুলাইৰ পৰা পাইলটৰ বাবে নতুন বাধ্যতামূলক জিৰণি নিয়ম কাৰ্যকৰী কৰিবলৈ ওলাইছে।নতুন নিয়মৰ জৰিয়তে পাইলটৰ সাপ্তাহিক জিৰণি ৩৬ ঘণ্টাৰ পৰা ৪৮ ঘণ্টালৈ বৃদ্ধি পাব।