NORTHEAST NOW (Assamese)

ঘৰলৈ ঘূৰিছে প্ৰতিবাদী কৃষক, ৰাজপথত কেৱল কৃষকৰ গাড়ীৰ সমদল

December 11, 2021 4:38 pm · এন ই নাও নিউজ, গুৱাহাটী

অৱশেষত সুদীৰ্ঘ ১৫ মহীয়া কৃষক আন্দোলনৰ সফল পৰিসমাপ্তিৰ পিছত আজি ঘৰলৈ উভতিছে প্ৰতিবাদী কৃষক।

আপোচহীন কৃষক আন্দোলনৰ ওচৰত আত্মসমৰ্পণ কৰি কেন্দ্ৰীয় চৰকাৰে তিনিখন কৃষি আইন বাতিল কৰাৰ লগতে প্ৰতিবাদী কৃষকৰ সকলো দাবীৰ ওপৰত আলোচনাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছত অৱশেষত প্ৰতিবাদৰ সমাপ্তি ঘটিছিল।

কৃষক আন্দোলনৰ নেতৃত্ব দিয়া ৪০ টা কৃষক সংগঠনৰ সন্মিলিত সংস্থা সংযুক্ত কিষাণ মৰ্চা (এছকেএম)য়ে বৃহস্পতিবাৰে তিনি বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে কৃষক আন্দোলন স্থগিত ৰখাৰ সিদ্ধান্ত লয় আৰু ঘোষণা কৰে যে কৃষকসকলে ১১ ডিচেম্বৰত দিল্লীৰ সীমাত থকা প্ৰতিবাদস্থলীৰ পৰা ঘৰলৈ উভতি যাব।

আজি ঘৰমূখী হোৱা প্ৰতিবাদী কৃষকৰ কনভয়ে দিল্লী-চনিপত-কৰ্ণাল ৰাষ্ট্ৰীয় ঘাইপথত এক দীঘলীয়া শাৰীৰ সৃষ্টি কৰে।

 

ট্ৰেক্টৰ-ট্ৰলী আৰু অন্যান্য বাহনৰ ডাঙৰ কনভয়ৰ প্ৰতি লক্ষ্য ৰাখি ট্ৰেফিক আৰক্ষীয়ে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।

হাৰিয়ানা এজন আৰক্ষী বিষয়াই কয় যে দিল্লী আৰু আম্বালা, বাহাদুৰগড় আৰু হিছাৰ/জিন্দৰ মাজৰ সকলো জিলাত যান-বাহনৰ সুচাৰু প্ৰবাহ নিশ্চিত কৰিবলৈ আৰক্ষী অধীক্ষকসকলক উপযুক্ত যান-বাহন, নিৰাপত্তা আৰু আইন-শৃংখলা ব্যৱস্থা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

Related News