NORTHEAST NOW (Assamese)

কেন্দ্ৰীয় কৃষি মন্ত্ৰীৰ মন্তব্য- ‘অতি শীঘ্ৰে অন্ত পৰিব কৃষক আন্দোলন’

January 25, 2021 6:10 pm · এন ই নাও নিউজ

কেন্দ্ৰীয় চৰকাৰৰ নতুন কৃষি আইন তিনিখন বাতিলৰ দাবীত যোৱা দুমাহৰো অধিক কাল ধৰি দিল্লীৰ সীমান্তত চলি থকা কৃষকৰ প্ৰতিবাদ অতি শীঘ্ৰে সমাপ্ত ঘটিব বুলি মন্তব্য কৰিছে কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে।

এই সন্দৰ্ভত কৃষি মন্ত্ৰী গৰাকীয়ে কয়, ‘কৃষি আইনৰ বিৰুদ্ধে সামান্য পৰিমানৰ কৃষকেহে প্ৰতিবাদ সাব্যস্ত কৰি আছে, অৱশ্যে তেওঁলোকৰ সংখ্যা অধিক নহয়, সেয়ে আমি আলোচনাৰ মাজেৰে সমাধান উলিওৱাৰ চেষ্টা চলাইছো। আৰু আমি এতিয়াও আশা কৰি আছো যে এই বিষয়টোৰ সমাধান ওলাব’।

ইফালে গণতন্ত্ৰ দিৱসৰ দিনটোত কৃষক সকলে উলিয়াবলগীয়া ট্ৰেক্টৰ ৰেলী সন্দৰ্ভত মন্ত্ৰী টোমৰে কয় যে ২৬ জানুৱাৰিৰ বিপৰীতে বেলেগ এটা দিনত ৰেলীটো উলিয়াব পাৰিলে হয়, কিন্তু তেওঁলোকে ইয়াৰ ঘোষণা কৰিয়েই থৈছিল।

তেওঁ লগতে এই ৰেলীটো কোনো অঘটন নঘটাকৈ তথা শান্তিপূৰ্ণভাৱে যাতে হয় তাৰ বাবে কৃষকসকল আৰু আৰক্ষী প্ৰশাসনে গুৰুত্ব প্ৰদান কৰিব লাগিব বুলি মন্তব্য কৰে।

উল্লেখ্য যে কৃষি আইন তিনিখন বাতিলৰ দাবীত অলৰ অচৰ কৃষক সকলে গণতন্ত্ৰ দিৱসৰ দিনা উলিয়াব লগীয়া ট্ৰেক্টৰ ৰেলীৰ বাবে ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা কৃষকসকল দিল্লীত উপস্থিত হৈছে।

Related News