NORTHEAST NOW (Assamese)

কেন্দ্ৰীয় কৃষি মন্ত্ৰীক সাক্ষাৎ প্ৰতিবাদৰত সংযুক্ত কিষাণ মৰ্চাৰ: দাবী চনদ দাখিল

March 20, 2023 5:55 pm · এন ই নাও নিউজ, গুৱাহাটী

দিনজোৰা ধৰ্মঘটৰ পিছত আজি বিয়লি কৃষি ভৱনত কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰৰ সৈতে সাক্ষাৎ কৰে সংযুক্ত কিষাণ মৰ্চাৰ ১৫ জনীয়া এটি প্ৰতিনিধি দলে। প্ৰতিনিধি দলটোৱে কেন্দ্ৰীয় কৃষিমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি দাবী চনদ দাখিল কৰে।

সংযুক্ত কিষাণ মৰ্চাই লগতে কেন্দ্ৰীয় চৰকাৰে নূন্যতম সমৰ্থন মূল্য (এম এছ পি), ঋণ ৰেহাই, পেঞ্চন আইনকে ধৰি আন বিষয়সমূহত দাবী পূৰণ নকৰিলে আন এক প্ৰতিবাদ আৰম্ভ কৰিবলৈ বাধ্য হ’ব বুলিও সকীয়াই দিছে।

এই সন্দৰ্ভত কৃষক নেতা দৰ্শন পালে ৰামলীলা ময়দানত সমবেত হোৱা কৃষকসকলক সম্বোধন কৰি কয় যে কৃষক সকলৰ আন কেতবোৰ অমীমাংসিত সমস্যা আছে আৰু এই সমস্যাসমূহে আন এক আন্দোলন দাবী কৰে।

“আমি অহা ৩০ এপ্ৰিলত দিল্লীত আন এখন বৈঠক আহ্বান কৰিম। মই সকলো কৃষক সংঘকে নিজ নিজ ৰাজ্যত ৰেলী উলিয়াবলৈ আৰু বৈঠকৰ প্ৰাকমুহুৰ্তত পঞ্চায়ত পাতিবলৈ অনুৰোধ কৰিছো।”– তেওঁ লগতে কয়।

“আমি দৈনিক প্ৰতিবাদ কৰিব নিবিচাৰো কিন্তু আমি কৰিবলৈ বাধ্য হৈছো। চৰকাৰে যদি আমাৰ দাবীক গুৰুত্ব নিদিয়ে তেন্তে আমি আন এটা আন্দোলন আৰম্ভ কৰিম। এই আন্দোলন কৃষি আইন বিৰোধী প্ৰতিবাদতকৈও ডাঙৰ হ’ব।”- কৃষক নেতাগৰাকীয়ে লগতে কয়।

এম এছ পিৰ বাবে আইন প্ৰণয়ন, সম্পূৰ্ণ ঋণ ৰেহাই, পেঞ্চন, শস্যৰ বীমা, কৃষকৰ বিৰুদ্ধে পঞ্জীয়নভুক্ত গোচৰ প্ৰত্যাহাৰ কৰা, কৃষি আইন বিৰোধী প্ৰতিবাদৰ সময়ত মৃত্যু হোৱা কৃষকৰ পৰিয়ালক ক্ষতিপূৰণ দিয়া আদি দাবী দাবী চনদত অন্তৰ্ভুক্ত আছে বুলি পালে সদৰী কৰে।

ইফালে প্ৰতিবাদী কৃষকসকলে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰক মন্ত্ৰী পদৰ পৰা বৰ্খাস্ত কৰি কাৰাগাৰত বন্দী কৰাৰ লগতে শিলাবৃষ্টি আৰু আবতৰীয়া বৰষুণৰ ফলত হোৱা শস্যৰ ক্ষতিৰ বাবে ক্ষতিপূৰণৰ দাবী উত্থাপন কৰে।

ইফালে কৃষক নেতা পালে লগতে সদৰী কৰা মতে, কেন্দ্ৰীয় মন্ত্ৰী টোমৰে সংযুক্ত কিষাণ মৰ্চাৰ প্ৰতিনিধি দলটোক সাক্ষাতৰ সময়ত কৃষকসকলক বিদ্যুৎ ৰাজসাহায্য বিদ্যুৎ আইনৰ পৰা ৰেহাই দিয়া হৈছে বুলি উল্লেখ কৰিছে।

কৃষকসকলৰ এই দাবী ইতিমধ্যে পূৰণ হৈছে আৰু এয়া সংযুক্ত কিষাণ মৰ্চাৰ ছ বাবে ই এক বৃহৎ জয় বুলি মন্তব্য কৰে দৰ্শন পালে। শিলাবৃষ্টি আৰু আবতৰীয়া বৰষুণৰ ফলত হোৱা শস্যৰ ক্ষতিৰ বাবে ক্ষতিপূৰণ দিবলৈ ইতিমধ্যে চৰকাৰে নিৰ্দেশ জাৰি কৰিছে বুলিও কৃষি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰাৰ কথা সদৰী কৰে পালে।

Related News