ফাৰুক আব্দুল্লাৰ সংকট! ক্ৰিকেট কেলেংকাৰিৰ গোচৰত বহু কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত
গৃহবন্দিত্বৰ পৰা মুক্তি হোৱাৰ পাছত পুনৰ এক নতুন বিপদে দেখা দিছে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা নেশ্যনেল কনফাৰেন্সৰ মুৰব্বী আব্দুল্লাৰ।
কাশ্মীৰত ক্ৰিকেট কেলেংকাৰিৰ গোচৰত আব্দুল্লাৰ প্ৰায় ১২ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত কৰিছে এনফ’ৰ্ছমেন্ট ডিৰেক্টৰেট (ইডি)য়ে।
ফাৰুক আব্দুল্লাই ইডিৰ এই কাৰ্যক কেন্দ্ৰৰ প্ৰতিশোধমূলক ব্যৱস্থা বুলি অভিহিত কৰিছে। ফাৰুক আব্দুল্লাৰ পুত্ৰ আন এগৰাকী প্ৰাক্তন মুখ্য মন্ত্ৰী ওমৰ আব্দুল্লাই আদালতত ইয়াৰ মীমাংসা হ’ব বুলি সতৰ্ক কৰি দিছে।
২০০৬চনৰ পৰা ২০১২ চন পৰ্যন্ত জম্মু-কাশ্মীৰ ক্ৰিকেট এছ’চিয়েশ্যনত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উঠিছে।
ফাৰুক আব্দুল্লা সেই সময়ছোৱাত ক্ৰিকেট এছ’চিয়েশ্যনটোৰ সভাপতি আছিল। উক্ত সময়ছোৱাত জম্মু-কাশ্মীৰ ক্ৰিকেট এছ’চিয়েশ্যনে বিচিচিআইৰ পৰা ১০৯.৭৮কোটি টকা লাভ কৰিছিল।
ইমান বৃহৎ টকাৰ হিচাপত দুৰ্নীতিৰ উৎস বিচাৰিয়েই ইডিয়ে তদন্ত আৰম্ভ কৰে। ২০১৮চনত এই দুৰ্নীতিৰ সৈতে আব্দুল্লা পৰিয়ালৰ নাম জড়িত হৈ পৰে।
শনিবাৰে ইডিৰ বিষয়াসকলে বিত্তীয় বিসংগতিৰ গোচৰত ফাৰুক আব্দুল্লাৰ ১১.৮৬কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত কৰে।
বাজেয়াপ্ত কৰা সম্পত্তিৰ ভিতৰত আছে তিনিটা আৱাস আৰু চাৰি টুকুৰা মাটিও আছে। ভাতিণ্ডি, সুনজৱান গাঁওত ফাৰুক আব্দুল্লা ক্ৰিকেট এছ’চিয়েশ্যনৰ সভাপতি হৈ থকা সময়ত বনাঞ্চলৰ ভূমি দখল কৰি আৱাস নিৰ্মাণ কৰাৰ অভিযোগ উঠিছিল।
তদুপৰি, ২৫কোটি টকা লেনদেনৰ ক্ষেত্ৰতো বৈধ নথি পোৱা নাই বুলি দাবী কৰা হৈছে।
আনহাতে, ফাৰুক আব্দুল্লাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে ইডিয়ে তেওঁলোকৰ কাম কৰিব আৰু মই মোৰ কাম কৰিম। এয়া তেওঁক বশ কৰাৰ ষড়যন্ত্ৰ বুলিও কেন্দ্ৰৰ বিৰুদ্ধে তেওঁ অভিযোগ কৰে।