NORTHEAST NOW (Assamese)
Popular Stories

গুৱাহাটীত ফেশ্বন ডিজাইনাৰৰ আত্মহত্যা; প্ৰেমিকক আটক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 13, 2020 8:39 am

গুৱাহাটীৰ জালুকবাৰীত থকা শংকৰদেৱ হাউছিং কমপ্লেক্সত দেওবাৰে (১২ জানুৱাৰী) এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্য বিৰাজ কৰি আছে।

জানিব পৰা মতে মৌচুমী শইকীয়া ছহৰিয়া নামৰ নিহত যুৱতী গৰাকী পেছাত এগৰাকী ফেশ্বন ডিজাইনাৰ।

দেওবাৰে পুৱা তেওঁক হাউছিং কমপ্লেক্সটোত থকা নিজৰ এপাৰ্টমেণ্টত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হয়।

আনহাতে ঘটনা সম্পৰ্কত জালুকবাৰী আৰক্ষীয়ে দীপাংকৰ দাস নামৰ এজন যুৱকক আটক কৰিছে। জানিব পৰা মতে দীপাংকৰ আৰু মৌচুমীৰ মাজত প্ৰেমৰ সম্পৰ্ক আছিল।

দুয়োৰে মাজত শনিবাৰে নিশা কিবা কথাক লৈ কাজিয়া হৈছিল বুলি জানিব পৰা গৈছে। বৰ্তমান আৰক্ষীয়ে সমগ্ৰ ঘটনাটো তদন্ত কৰি আছে।