NORTHEAST NOW (Assamese)
অসম

মহেন্দ্ৰ সিং ধোনীৰ সৈতে একেলগে ভাৰতীয় দলৰ হৈ খেলাৰ ইচ্ছা বেগী বলাৰ দীপক চাহাৰৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 29, 2020 8:36 am
Deepak Chahar

জনপ্ৰিয় এপ ইষ্টাগ্ৰামৰ এটা লাইভ ভিডিঅ’ত ভাৰতীয় দলৰ বেগী বলাৰ দীপক চাহাৰে তেওঁ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ অনুগামী বুলি উল্লেখ কৰি পুনৰ ভাৰতীয় দলত ধোনীৰ সৈতে খেলাৰ বাবে ইচ্ছা ব্যক্ত কৰে।

‘‘মই প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ অনুগামী আৰু মই তেওঁৰ সৈতে ভাৰতীয় দলত পুনৰ খেলিব বিচাৰো,’’ চাহাৰে কয়।

‘‘মই ধোনীক পুনৰ নীলা জাৰ্চি পৰিধান কৰাটো বিচাৰো আৰু ধোনীৰ অন্তিমখন খেলত ভাৰতীয় দলৰ অংশ হ’ব বিচাৰো,’’ বেগী বলাৰ গৰাকীয়ে লগতে কয়।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক নাছিৰ হুছেইন, তাৰকা বেটছমেন কেভিন পিটাৰছেন আৰু ৰোহিত শৰ্মায়ো ধোনীক প্ৰশংসা কৰিছিল।

নাছিৰ হুছেইনে ধোনীৰ দৰে ক্ৰিকেটাৰক অৱসৰৰ কথা কোৱা সকলে নিজৰ সফলতাৰ ইতিহাস চোৱাৰ উচিত বুলি মন্তব্য কৰাৰ  বিপৰীতে কেভিন পিটাৰছেনে ধোনীক সৰ্বাকালৰ শ্ৰেষ্ঠ অধিনায়ক আখ্যা দি ধোনীক এই স্থান নিদিলে অন্যায় কৰা হ’ব বুলি কৈছিল।

মহেন্দ্ৰ সিং ধোনী বিগত বৰ্ষত অনুষ্ঠিত হোৱা বিশ্বকাপৰ পাছৰে পৰা খেলপথাৰৰ পৰা আতৰত আছে।