NORTHEAST NOW (Assamese)

মহানগৰীত ভয়াৱহ পথ দুৰ্ঘটনা, থিতাতে নিহত এজন

March 23, 2022 12:56 pm · কল্পজ্যোতি শইকীয়া, গুৱাহাটী

আজি পুৱা মহানগৰীত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত থিতাতে নিহত হৈছে এজন ব্যক্তিৰ।

মৃত ব্যক্তি জনৰ নাম দ্বিজেন বৈশ্য বুলি জানিব পৰা গৈছে। এখন তীব্ৰ বেগী পানী কঢ়িওৱা বাহনে মহটিয়াই নিয়ে বৈশ্যক।

গুৱাহাটীৰ ৰাধাগোবিন্দ পথৰ চিটি চেন্টাৰৰ সমীপত আজি পুৱা প্ৰায় ৭ বজাত এই দুৰ্ঘটনা সংঘটিত হয়।

মৃত ব্যক্তি জনৰ ঘৰ নলবাৰীৰ জাগ্ৰাত বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাত নিহত দ্বিজেন বৈশ্যৰ বয়স ৫০ বছৰ বুলি অনুমান কৰা হৈছে।

ইতিমধ্যে নিহত বৈশ্যৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।

Related News