NORTHEAST NOW (Assamese)

আজৱ ঘটনা!! কন্যা সন্তান হোৱা বাবেই গ্ৰহণ নকৰা পিতৃয়ে লিগেচি চুৰি কৰা বুলি জীয়েকৰ বিৰুদ্ধে দিলে এজাহাৰ

September 10, 2018 1:18 pm · কাজি জেইদুল ইছলাম
Updated: September 10, 2018 3:17 pm

বিশ্বনাথত নিজৰে জীয়েকৰ বিৰুদ্ধে দেউতাকে লিগেচী চুৰি কৰা বুলি বিশ্বনাথ চাৰিআলি থানাত এজাহাৰ দাখিল কৰাৰ ঘটনাই বৰ্তমান অঞ্চলটোত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে বিশ্বনাথ চাৰিআলি আদৰ্শ বহুমুখী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সোনাৰাম ভূঞা নামৰ এইগৰাকী ভদ্ৰলোকে নিজৰ প্ৰথমা পত্নীৰ কন্যা সন্তান থকা বাবেই পুত্ৰ সন্তানৰ লোভত বিশ্বনাথৰ এগৰাকী দৰিদ্ৰ পৰিয়ালৰ যুৱতীক পত্নী হিচাপে আঁকোৱালি লৈছিল।

কিন্তু পিছত মহিলা গৰাকীয়ে ১৯৯৯ চনত এটি কন্যা সন্তান জন্ম দিয়াত সোণাৰাম ভূঞাই দিত্বীয় পত্নী আৰু সদ্যোজাত সন্তানটিক নিজৰ ঘৰত প্ৰৱেশ কৰিবলৈ নিদিলে।

ফলত স্বামীৰ দ্বাৰা লাঞ্ছিত আৰু প্ৰতাৰিত হৈ মহিলাগৰাকীয়ে কন্যা সন্তানসহ তেতিয়াৰে পৰা আশ্ৰয় ল’ব লগা হয় পিতৃ গৃহত।

দেউতাকৰ অবিহনেই কন্যা সন্তানটিক মহিলাগৰাকীয়ে বহু কষ্ট কৰি পঢ়াই শুনাই বৰ্তমান মহাবিদ্যালয় পৰ্যায় পোৱালেগৈ। ছোৱালীগৰাকী বৰ্তমান মেধাৱী ছাত্ৰী হিচাপে পৰিচিত।

কিন্তু পাষাণ হৃদয়ৰ দেউতাকে ইমানৰ পিছতো নিজৰ জীয়েকৰ ওপৰত মানসিক নিৰ্যাতন চলাবলৈ নেৰিলে। এন আৰ চিৰ চূড়ান্ত খচৰাত ছাত্ৰীগৰাকীৰ নাম সোণাৰাম ভূঞাৰ কন্যা হিচাপে অন্তৰ্ভুক্ত হোৱাত ভূঞাই ছাত্ৰীগৰাকীৰ বিৰুদ্ধে অৰ্থাৎ নিজৰে কন্যাৰ বিৰুদ্ধে বিশ্বনাথ চাৰিআলি থানাত তেওঁৰ লিগেচি চুৰি কৰা বুলি এজাহাৰ দাখিল কৰে।

ইফালে ভূঞাই এজাহাৰ দাখিল কৰাত ছাত্ৰীগৰাকীৰ মাতৃ আৰক্ষী থানাত উপস্থিত হৈ ছাত্ৰীগৰাকীৰ জন্ম হোৱা চিকিৎসালয়ৰ প্ৰমাণপত্ৰ, জন্মৰ চৰকাৰী প্ৰমাণপত্ৰ আৰু বিদ্যালয়-মহাবিদ্যালয়ৰ প্ৰমাণপত্ৰ আৰক্ষীৰ ওচৰত দাখিল কৰে। য’ত ছাত্ৰী গৰাকীৰ পিতৃ সোণাৰাম ভূঞা বুলি স্পষ্টকৈ উল্লেখ আছে।

ইফালে এই সমগ্ৰ ঘটনা সন্দৰ্ভত সাংবাদিকে সোণাৰাম ভূঞাৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত ভূঞাই মন্তব্য দিয়াৰ পৰা বিৰত থাকে।

Related News