NORTHEAST NOW (Assamese)
Popular Stories

৫ বছৰীয়া কন্যাক কথা নুশুনাৰ বাবে ডিঙি চেপি হত্যা পিতৃৰ! গ্ৰেপ্তাৰ আৰক্ষীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 6, 2025 5:54 pm

পাঁচ বছৰীয়া কন্যাই কথা নুশুনাৰ বাবেই পিতৃয়ে নিজৰ কন্যাক ডিঙি চেপি হত্যা কৰে। তাৰ পাছত মৃতদেহটোৰ চাৰিটাকৈ টুকুৰা কৰে।ইতিমধ্যে উত্তৰ প্ৰদেশৰ সীতাপুৰৰ মোহিত নামৰ লোকজনক গ্ৰেপ্তাৰ কৰা হৈছে। জেৰাৰ সময়ত তেওঁ নিজৰ দোষ স্বীকাৰ কৰে।

অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰবীণ ৰঞ্জন সিঙে জনোৱা মতে, যোৱা ২৫ ফেব্ৰুৱাৰীত সীতাপুৰ থানাত এটা নিৰুদ্দেশ হোৱা শিশুৰ খবৰ দিয়া হৈছিল। ঘৰৰ সন্মুখৰ পৰা পাঁচ বছৰীয়া তানি নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰ পাছতে আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। তদন্তকাৰীয়ে অনুসন্ধান কৰি শিশুটিৰ মৃতদেহৰ এটা অংশ উদ্ধাৰ কৰে। পিছদিনা আন এটা অংশ উদ্ধাৰ কৰা হয়। আৰক্ষীয়ে নিশ্চিত কৰে যে শিশুটিক হত্যা কৰা হৈছে। ইয়াৰ পাছতে স্থানীয় ৰাইজক সোধা-পোছা কৰিবলৈ আৰম্ভ কৰে আৰক্ষীয়ে।

প্ৰবীণ ৰঞ্জনে জনোৱা মতে, তদন্তৰ সময়তে শিশুটিৰ পিতৃ নিৰুদ্দেশ হৈছিল। জেৰাৰ সময়ত মোহিতে দাবী কৰিছিল যে যেতিয়া তেওঁক সোধা হৈছিল তেতিয়া তেওঁ হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিছিল। কিছুদিন পূৰ্বে চুবুৰীয়া এটা পৰিয়ালৰ মাজত বিবাদৰ সৃষ্টি হৈছিল। ইয়াৰ পাছত মোহিতে বাৰে বাৰে জীয়েকক চুবৰীয়াৰ ঘৰলৈ যোৱাত বাধা দিছিল। ঘটনাৰ দিনা চুবুৰীয়াৰ ঘৰৰ পৰা ওলাই অহা জীয়েকক তেওঁ দেখিছিল। ইয়াৰ পাছতে বাইকেৰে জীয়েকক নিলগত ঠাইলৈ লৈ গল। মোহিতে দাবী কৰিছিল যে তাতেই তেওঁক ডিঙি চেপি হত্যা কৰা হৈছিল। অভিযোগ অনুসৰি অৱশেষত তেওঁ মৃতদেহটো কাটি পেলায়।ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মোহিতক।