NORTHEAST NOW (Assamese)

ভাৰতৰ এখন গাঁও য’ত মোবাইল ফোনত গান শুনিলেও ভৰিব লাগে ১,০০০ টকাৰ জৰিমনা!

August 21, 2020 4:57 pm · এন ই নাও নিউজ
Updated: August 21, 2020 10:22 pm

বিচিত্ৰ ভাৰতত বহু বিচিত্ৰ ঘটনাই ঘটি থাকে।

তেনে বিচিত্ৰতাৰে ভৰা এখন গাঁৱৰ কথা শেহতীয়াকৈ পোহৰলৈ আহিছে।

পশ্চিমবংগৰ মুৰ্ছিদাবাদৰ আদৱাইটা নগৰ নামৰ গাওঁ খনত কোনোৱাই মোবাইল ফোন অথবা কম্পিউটাৰত গান শুনিলেও ভৰিবলগীয়া হয় জৰিমনা।

কেৱল সেয়াই নহয়, গাঁওখনত যদি কোনোৱাই টিভি চায় তেন্তে তেঁৱো ভৰিব লাগে ১,০০০ টকাৰ জৰিমনা।

শেহতীয়াকৈ গাঁওখনৰ সামাজিক সংস্কাৰ সমিতিয়ে গাঁওখনত বাস কৰা নৱ প্ৰজন্মৰ যুৱক-যুৱতী সকলক ‘ধ্বংসৰ গৰাহৰ পৰা ৰক্ষা কৰিবলৈ’ ঘোষণা কৰিছে কেতবোৰ কঠোৰ নিৰ্দেশনা।

সংখ্যালঘু লোক অধ্যুষিত গাঁওখনৰ সামাজিক সংস্কাৰ সমিতিয়ে জাৰি কৰা ফটোৱাত কোৱা হৈছে যে যিসকল লোকে ফটোৱা অৱজ্ঞা কৰি মোবাইল ফোন অথবা কম্পিউটাৰত গান শুনিব তেওঁ লোকক ১,০০০ টকাৰ জৰিমনা বিহা হ’ব।

একেদৰে গাঁওখনত নিষিদ্ধ কৰা হৈছে কেৰম খেলাও।  কোনোৱাই কেৰম খেলিলে বিহা হ’ব ৫০০ টকাৰ জৰিমনা।

ফটোৱা অনুসৰি লটাৰী টিকট ক্ৰয় কৰা জনে ভৰিব লাগিব ২,০০০ টকাৰ জৰিমনা।

লটাৰীৰ টিকট বিক্ৰী কৰা জনৰ শাস্তি আৰু এখোপ চৰা।

লটাৰীৰ টিকট বিক্ৰী কৰা জনে ভৰিব লাগিব ৭,০০০ টকাৰ জৰিমনা।

গাঁওখনত মদ্যপান কৰিলে ২,০০০ টকাৰ জৰিমনাৰ লগতে দহ বাৰ কাণত ধৰি উঠা-বহা কৰিবলৈ দিয়া হ’ব। যিসকল লোকে মদ বিক্ৰী কৰে তেওঁলোকক ৭,০০০ টকাৰ জৰিমনা বিহাৰ লগতে মূৰ খুৰাই গাঁও পৰিভ্ৰমণ কৰোৱা হ’ব।

গাঁওবাসীয়ে বাকী কথা বোৰ মানি ল’লেও গান শুনা, টিভি চোৱা,কেৰম খেলা আদিত জাৰি কৰা ফটোৱাক সহজ ভাৱে ল’ৱ পৰা নাই।তথাপি মুখ খুলি কোনেও একো কৱও পৰা নাই।

Related News