NORTHEAST NOW (Assamese)

চীনক চিনাই টান! নিউয়ৰ্কতো চীনৰ গোপন আৰক্ষী থানা; দুজন এজেণ্টক গ্ৰেপ্তাৰ

April 18, 2023 1:10 pm · এন ই নাও নিউজ, গুৱাহাটী
ফটো: সংগ্ৰহীত।

চীনৰ দুজন এজেণ্টক গ্ৰেপ্তাৰ কৰিছে আমেৰিকাৰ চোৰাংচোৱা সংস্থা এফবিআইয়ে। ইয়াৰ উপৰিও আমেৰিকাৰ ফেডাৰেল প্ৰচিকিউটৰসকলে আমেৰিকাত বাস কৰা চীনৰ পৰা অহা এক ডজনৰো অধিক লোকৰ বিৰুদ্ধে ‘মৌনতা অৱলম্বন কৰা’ আৰু চীনা ‘ভিন্ন মতাদৰ্শীক হাৰাশাস্তি’ৰ অভিযোগ উত্থাপন কৰিছে।

বাতৰি মতে, চীনৰ ভাড়াতীয়া এজেণ্টে নিউয়ৰ্ক চহৰত ‘গোপন আৰক্ষী থানা’ চলাইছিল।

লগতে পঢ়ক: ইউক্ৰেইন যুদ্ধৰ বিৰুদ্ধে প্ৰচাৰ চলোৱাৰ ‘অপৰাধ’ত ২৫ বছৰৰ কাৰাদণ্ড ৰাছিয়াৰ মানৱ অধিকাৰ কৰ্মীক

ধৃত এজেণ্ট দুজন হৈছে লু জিয়ানৱাং আৰু চেন জিপিং। তেওঁলোকে নিউয়ৰ্কৰ চাইনা টাউনত আৰক্ষী থানা চলাইছিল বুলি অভিযোগ উঠিছে।

ধৃত দুয়োজনেই আমেৰিকাৰ নাগৰিক। চীন চৰকাৰৰ এজেণ্ট হিচাপে কাম কৰাৰ লগতে ন্যায় বিচাৰত বাধা দিয়াৰ অভিযোগ উত্থাপন হৈছে।

আমেৰিকাৰ এটৰ্নী জেনেৰেলৰ এগৰাকী মুখপাত্ৰই কয় যে যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত চীনৰ কথিত আৰক্ষী থানাখন তালাচী অভিযানৰ অন্তত বন্ধ কৰি দিয়া হৈছিল।

লগতে পঢ়ক: বিয়াৰ পূৰ্বেই গৰ্ভৱতী! মোহময়ী অভিনেত্ৰী ইলিয়ানাৰ ‘সাহসী’ ঘোষণা; পিতৃ কোন?

গ্ৰেপ্তাৰ কৰা দুজনক ২ লাখ ৫০ হাজাৰ আৰু ৪ লাখ ডলাৰৰ বণ্ডৰ বিনিময়ত জামিন প্ৰদান কৰা হৈছে। কিন্তু তেওঁলোকে আমেৰিকাত থকা চীনৰ কনছুলেট আৰু চীনৰ দূতাবাসৰ পৰা আধা কিলোমিটাৰৰ ভিতৰত ভ্ৰমণ কৰিব নোৱাৰিব আৰু সহযোগী ষড়যন্ত্ৰকাৰীৰ সৈতেও যোগাযোগ ৰাখিব নোৱাৰিব। 

Related News