NORTHEAST NOW (Assamese)
দেশ

অশালীন: মহিলা যাত্ৰীক দেখি পেন্টৰ চেইন খুলিলে মেট্ৰ’ৰ নিৰাপত্তাৰক্ষীয়ে, গ্ৰেপ্তাৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী March 22, 2024 10:21 am

মেট্ৰ’ ষ্টেচনত চৰম যৌন নিৰ্যাতনৰ বলি হ’ল মহিলা যাত্ৰী। মহিলা যাত্ৰীক দেখি মেট্ৰ’ৰ নিৰাপত্তাৰক্ষীয়ে নিজৰ গোপন অংগত চুই অস্বস্তিকৰ ইংগিত দিয়ে। ইয়াৰ পিছতেই মহিলা যাত্ৰীক ইংগিত কৰি হস্তমৈথুনো কৰে নিৰাপত্তাৰক্ষীগৰাকীয়ে। 

বেংগালুৰুৰ জালাহল্লী মেট্ৰ’ ষ্টেচনত সংঘটিত হৈছে এই ঘটনা। চলিত সপ্তাহৰ বুধবাৰে এগৰাকী মহিলাই সমগ্ৰ ঘটনাটো ছ’চিয়েল মিডিয়াত উত্থাপন কৰে। বেংগালুৰু আৰক্ষীকো অভিযোগ কৰে যাত্ৰীগৰাকীয়ে।

এটা পোষ্টত তেওঁ লিখিছে, ‘আজি মোৰ এটা ভয়ংকৰ অভিজ্ঞতা হ’ল। দুপৰীয়া প্ৰায় ২:৩০ বজাত জালাহল্লী মেট্ৰ’ ষ্টেচনৰ এজন নিৰাপত্তাৰক্ষীয়ে মোৰ ফালে চাই অশ্লীল ইংগিত দিয়ে। তেওঁ নিজৰ যৌনাংগত হাত থৈ মোক অশ্লীল ইংগিত প্ৰদান কৰে। তেওঁ মোলৈ চাই আছিল আৰু হস্তমৈথুন কৰি আছিল।”

মহিলাগৰাকীয়ে নিৰাপত্তাৰক্ষীজনৰ এই কাণ্ডৰ ভিডিঅ’ বেংগালুৰু মেট্ৰ’ কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায়। অৱশ্যে বেংগালুৰু মেট্ৰ’ কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। 

অৱশ্যে ভিডিঅ’টো পোৱাৰ পিছত আৰক্ষীয়ে অভিযোগকাৰীৰ সৈতে যোগাযোগ কৰিছে।