NORTHEAST NOW (Assamese)
অসম

তামুলপুৰত কৃষিত ৰাসয়নিক সাৰ প্ৰয়োগ সম্পৰ্কীয় সজাগতা সভা

Posted by: দীপক কুমাৰ পাঠক Updated by: দীপক কুমাৰ পাঠক October 22, 2019 6:27 pm

তামুলপুৰ মহকুমা সদৰত থকা ৰাজহুৱা প্ৰেক্ষাগৃহত বাক্সা জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত তথা ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগম লিমিটেড আৰু ভাৰত চৰকাৰৰ সাৰ প্ৰয়োগ বিভাগৰ সহযোগত আজি দিনযোৰা কাৰ্যসূচীৰে এখন সজাগতা সভা অনুষ্ঠিত হয়।

সভাৰ আৰম্ভণিতে বাক্সা জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ ভূমি বিজ্ঞান বিভাগৰ বিষয়বস্তু বিশেষজ্ঞ কংকু ডেকাই কৃষিত ৰাসায়নিক সাৰৰ সুষম প্ৰয়োগ সম্পৰ্কে ব্যাখ্যা আগবঢ়োৱাৰ লগতে জিলা কৃষি বিষয়া মৃগেন স্বৰ্গীয়াৰীয়ে কৃষিত সাৰ প্ৰয়োগ, কৃষকৰ ভূমি স্বাস্থ্যপত্ৰ, ঋণ মেলা সম্পৰ্কে আলোচনা কৰে।

আই আৰ চি কৃষি-ৰাসয়নিক কোম্পানীৰ বিষয়া সত্যেন তালুকদাৰে খেতি পথাৰত কৃষকে কি দৰে সাৰ প্ৰয়োগ কৰিব, কোনবিধ সাৰে কি উপকাৰ কৰিব তাৰ বিতং আলোচনা আগবঢ়ায় ৷ তামুলপুৰ উন্নয়ন খণ্ডৰ সম্প্ৰসাৰণ বিষয়া প্ৰনৱজ্যোতি ব্ৰহ্মইও সভাত বক্তব্য ৰাখে।

সজাগতা সভাত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ ৰাসায়নিক সাৰ বিভাগৰ মন্ত্ৰীৰ ভাষ্য কৃষক সকলক প্ৰদৰ্শণ কৰা হয়।

আজিৰ এই সভাত বাক্সা জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া সুনীল কুমাৰ ভট্ৰচাৰ্য, কৃষি বিজ্ঞানী ক্ৰমে দেবজিৎ ডেকা, অমৃতা খাউণ্ড শৰ্মা, অম্বিকা চৰন শৰ্মা, জ্যোতিস্মিতা শৰ্মা, পাম পৰিচালক সীমান্ত দাসৰ লগতে প্ৰায় দুই শতাধিক কৃষকে অংশগ্ৰহণ কৰে।