NORTHEAST NOW (Assamese)

নৱবৰ্ষৰ ১ জানুৱাৰীৰ পৰা আপোনাৰ দৈনন্দিন জীৱনত প্ৰভাৱ পেলাব এই ৫ টা কথাই

December 27, 2020 11:53 am · এন ই নাও নিউজ

নৱবৰ্ষ সমাগত ।

নতুন বছৰটোত দেশৰ সামাজিক তথা প্ৰশাসনীয় ক্ষেত্ৰখনত প্ৰযোজ্য হ’বলগীয়া বহু কেইটা কথাই আপোনাৰ দৈনন্দিনি জীৱনত প্ৰভাৱ পেলাব।

তেনে বহু বিষয়ৰ মাজৰে ৫ টা বিষয়ৰ কথা উল্লেখ কৰিব বিচৰা হৈছে যি কেইটা বিষয় নতুন বছৰৰ ১ জানুৱাৰীৰ পৰাই আপোনাৰ জীৱনত প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিব।আহক চাওঁ কি সেই বিষয় কেইটা—

  • নৱবৰ্ষৰ প্ৰথম দিনটো অৰ্থাৎ ১ জানুৱাৰীৰ পৰাই বৃদ্ধি পাব প্ৰতিখন গাড়ীৰ দাম। সেয়ে গাড়ী কিনিবলৈ যদি মন কৰিছে তেন্তে নতুন বছৰৰ ১ জানুৱাৰীৰ পূৰ্বে ক্ৰয় কৰিলে বহু খিনি ধন ৰাহি কৰিব পাৰিব। দেশৰ প্ৰতিটো মটৰগাড়ী নিৰ্মাণকাৰী প্ৰতিষ্ঠানেই অহা ১ জানুৱাৰীৰ পৰা গাড়ীৰ দাম বৃদ্ধি কৰিব বুলি ঘোষণা কৰিছে।সেয়ে নতুন বছৰৰ এই কথাটোৱে নিশ্চিত ভাবে আপোনাৰ জীৱনত প্ৰভাৱ পেলাব।
  • ১ জানুৱাৰীৰ পৰা আমাজন, গুগল পে’ আদিৰ মাধ্যমত ধনৰ লেনদেন কৰোতে আপুনি পূৰ্বতকৈ অধিক হাৰত ধন ভৰিব লাগিব।এনপিচিআই-এ নতুন বছৰৰ পহিলা দিনটোৰ পৰা প্ৰতিটো ইউপিআই লেনদেনৰ চাৰ্জ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে।
  • ১ জানুৱাৰীৰ পৰা প্ৰতিখন বাহনতে ফাষ্টেগ লগোৱাটো বাধ্যতামূলক কৰা হৈছে।বাহনত টোল ফাষ্টেগ নলগালে সন্মুখীন হ’ব লাগিব জৰিমনাৰ। ইতিমধ্যে দেশত ২.২০ কোটি ফাষ্টেগ জাৰি কৰা হৈছে।
  • জিএছটিৰ ক্ষেত্ৰত কেতবোৰ নতুন নিয়ম প্ৰযোজ্য হ’ব নতুন বছৰৰ ১ জানুৱাৰীৰ পৰা। বছৰি ৫ কোটি টকা পৰ্যন্ত ব্যৱসায় কৰা ব্যৱসায়ীসকলে ১ জানুৱাৰীৰ পৰা বছৰত কেৱল চাৰিটা ছেলছ ৰিটাৰ্ণ দাখিল কৰিলেই হ’ব।
  • নতুন বছৰৰ ১ জানুৱাৰীৰ পৰা কিছুমান মোবাইল ফোনত হোৱাটছএপ চাপোৰ্ট নকৰিব।এণ্ড্ৰইড আৰু আইফোন উভয় ফোনৰ ক্ষেত্ৰতে এনে হ’ব পাৰে। হোৱাটছএপে ইয়াৰ পুৰণি সংস্কৰণৰ ব্যৱহাৰ বন্ধ কৰাৰ বাবেই কিছুমান ফোনৰ ক্ষেত্ৰত এনে হ’ব পাৰে।

 

Related News