NORTHEAST NOW (Assamese)

ক’ৰ’নাৰ ভয়াৱহ সংক্ৰমণ : গুৱাহাটীত বন্ধ কৰা হ’ল বহুকেইখন বিদ্যালয়

April 19, 2021 9:07 pm · কল্পজ্যোতি শইকীয়া
Updated: April 19, 2021 9:12 pm

সমগ্ৰ দেশৰ লগতে ৰাজ্যতো ভয়ংকৰভাৱে বৃদ্ধি পাইছে ক’ৰ’নাৰ সংক্ৰমণ। তাৰ সমান্তৰালকৈ গুৱাহাটী মহানগৰীতো দৈনিক গড়ে ৩০০ গৰাকীলৈ বৃদ্ধি পাইছে ক’ৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা।

তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই বহুকেইখন বিদ্যালয় ইতিমধ্যে বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে।

একাধিক ছাত্ৰ-ছাত্ৰী তথা  বহু শিক্ষক-শিক্ষয়িত্ৰীৰ দেহত ক’ৰ’নাৰ উপস্থিতি ধৰা পৰাৰ বাবেই অহা এসপ্তাহলৈকে বিদ্যালয়সমূহ বন্ধ ৰখাৰ নিৰ্দেশ  দিছে জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে।

আজিৰে পৰা আৰম্ভ কৰি অহা ২৫ এপ্ৰিললৈকে বন্ধ থাকিব গুৱাহাটীৰ নুনমাটিস্থিত অসম জাতীয় বিদ্যালয় আৰু বেতকুচিস্থিত NPS আন্তঃৰাষ্ট্ৰীয় বিদ্যালয়।

দুয়োখন বিদ্যালয়তে কিছুসংখ্যক ছাত্ৰ-ছাত্ৰী আৰু বহু  শিক্ষক-শিক্ষয়িত্ৰী ক’ৰ’নাত আক্ৰান্ত হোৱাৰ বাবে এই সিদ্ধান্ত লৈছে জিলা প্ৰশাসনে।

ইয়াৰ লগতে দুয়োখন বিদ্যালয়ৰে প্ৰত্যেক ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীক অনতি পলমে কোভিড টেষ্ট কৰাবলৈ নিৰ্দেশ জিলা উপায়ুক্তৰ।

উল্লেখযোগ্য যে, অসমত ক’ৰ’নাৰ সংক্ৰমণ ভয়াৱহভাৱে বৃদ্ধি হোৱাৰ সমান্তৰালকৈ শিক্ষানুষ্ঠানত ব্যাপক হাৰত বৃদ্ধি পাইছে সংক্ৰমণ।

সেয়েহে ইতিমধ্যে অহা ৩০ এপ্ৰিললৈকে বন্ধ থাকিব ডিব্ৰুগড়ৰ বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়। কিয়নো বিদ্যালয়খনৰ অধ্যক্ষ আক্ৰান্ত হৈছে কোভিড-১৯ত। ইয়াৰোপৰি, লখৰাৰ কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষসহ ৬জন  শিক্ষক আক্ৰান্ত হোৱাৰ বাবে বিদ্যালয়খন এসপ্তাহলৈ বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা

ইপিনে, কামৰূপ জিলাত প্ৰাথমিক স্কুল বন্ধ ঘোষণা কৰা হৈছে। চৰকাৰী, বে-চৰকাৰী সকলো প্ৰাথমিক বিদ্যালয় বন্ধ থাকিব। জিলা দণ্ডাধীশ কৈলাশ কাৰ্তিকে জাৰি কৰিলে এই নিৰ্দেশ

Related News