NORTHEAST NOW (Assamese)

কৰ’না পৰিস্থিতিৰ বাবে ফিফাই বাতিল কৰিলে ২০২১ৰ বিশ্বকাপ

December 25, 2020 12:43 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

বিশ্বত কৰ’না পৰিস্থিতিৰ উন্নতি নঘটাৰ বাবে এতিয়াও উদ্বিগ্নতা কমা নাই। বিশ্ব ফুটবলৰ নিয়ন্ত্ৰক সংস্থা ফিফাই এনে পৰিস্থিতিত ২০২১ৰ ফুটবলৰ জুনিয়ৰ বিশ্বকাপ আয়োজন বাতিল কৰিছে।

১৭ বছৰৰ অনুৰ্দ্ধৰ আৰু ২০ বছৰ অনুৰ্দ্ধৰ ফুটবল বিশ্বকাপ বাতিলৰ কথা ঘোষণা কৰা হৈছে। ২০২১ৰ পৰিৱৰ্তে এই প্ৰতিযোগিতা ২০২৩ চনত অনুষ্ঠিত কৰা হ’ব।

ফিফা কাউন্সিল ব্যুৰোৱে এই সিদ্ধান্তৰ কথা ঘোষণা কৰিছে। সেইদৰে বিশ্বকাপ আয়োজক দেশ দুখনৰ নামো প্ৰকাশ কৰিছে ফিফাই।

অহা বছৰ ২০-অনুৰ্দ্ধৰ বিশ্বকাপ হোৱাৰ কথা আছিল ইন্দোনেশিয়াত। সেইদৰে ১৭-অনুৰ্দ্ধৰ বিশ্বকাপ আয়োজক দেশ আছিল পেৰু। ২০২৩চনতো এই দুখন দেশতে বিশ্কাপৰ আয়োজন কৰা হ’ব বুলি জানিব দিয়া হৈছে।

ফিফাই এক বিবৃতিত কয় যে আন্তৰ্জাতিক ক্ষেত্ৰত বৃহৎ প্ৰতিযোগিতা আয়োজনৰ দিশত কোভিড-১৯ এতিয়াও বৃহৎ প্ৰত্যাহ্বান হৈয়েই ৰৈছে। বৰ্তমানো আন্তৰ্জাতিক পৰ্যায়ত যাতায়তৰ ক্ষেত্ৰত বিভিন্ন দেশত নিষেধাজ্ঞা অটুট আছে।

আয়োজক দেশ আৰু সংশ্লিষ্ট কনফেডাৰেশ্যনৰ সৈতে ফিফাই নিয়মীয়াকৈ যোগাযোগ অব্যাহত ৰাখিছে। বিশ্বত কৰ’না পৰিস্থিতি এতিয়াও স্বাভাৱিক নোহোৱাৰ বাবে এনে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

 

Related News