NORTHEAST NOW (Assamese)

কৰ’না আতংক: ভাৰতত অনুষ্ঠিত হ’বলগীয়া ফিফাৰ ১৭ অনুৰ্দ্ধৰ মহিলা বিশ্বকাপ স্থগিত

April 4, 2020 10:34 am · এন ই নাও নিউজ

COVID-19 মহামাৰীৰ বাবে অহা নৱেম্বৰত ভাৰতত হ’বলগীয়া ফিফাৰ ১৭ অনুৰ্দ্ধৰ বিশ্বকাপ স্থগিত কৰি দিয়া হৈছে।

এই প্ৰতিযোগিতাখন এই বছৰ ভাৰত অহা ২ নৱেম্বৰৰ পৰা ২১ নৱেম্বৰলৈকে অনুষ্ঠিত হোৱাৰ কথা আছিল।

ফিফাই কয় যে পৰৱৰ্তী সময়ত নতুন তাৰিখৰ কথা ঘোষণা কৰা হ’ব।

ফিফা-কনফেডাৰেশ্যন ৱৰ্কিং গ্ৰুপে ফিফাৰ ১৭ অনুৰ্দ্ধৰ মহিলা বিশ্বকাপ স্থগিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখ্য যে ফিফা কাউন্সিলে COVID-19 মহামাৰী চলি থকাৰ মাজতে ইয়াৰ গঠন কৰিছিল।

ফিফা ৱৰ্কিং গ্ৰুপে অহা আগষ্ট-ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া ২০ অনুৰ্দ্ধৰ মহিলা বিশ্বকাপ পানামা/কষ্টাৰিকা ২০২০’য়ো স্থগিত কৰিছে। ইয়াৰ লগতে ভাৰতত নৱেম্বৰত হ’বলগীয়া ফিফা ১৭ অনুৰ্দ্ধৰ মহিলা বিশ্বকাপো স্থগিত কৰে।

প্ৰতিযোগিতাখনৰ বাবে এতিয়াও কেইমাহ বাকী আছে যদিও বিশ্বজোৰা স্বাস্থ্য সংকটৰ বাবে এতিয়ালৈ কেইখনমানহে কোৱালিফাইং মেচ হ’ব পাৰিছে।

ফিফা ১৭ অনুৰ্দ্ধৰ মহিলা বিশ্বকাপ ২ৰ পৰা ২১ নৱেম্বৰলৈকে কলকাতা, গুৱাহাটী, ভুৱনেশ্বৰ, আহমেদাবাদ আৰু নবী মুম্বাইকে ধৰি পাঁচখন চহৰত আয়োজন কৰা হৈছিল।

প্ৰতিযোগিতাখনত ১৬টা দলে অংশ গ্ৰহণ কৰাৰ কথা আছিল। প্ৰতিযোগিতাখনৰ বাবে ভাৰতীয় দলটোৱে প্ৰথমতেই কোৱালিফাই কৰিছে।

উল্লেখ্য যে ফিফা ১৭ অনুৰ্দ্ধৰ মহিলা বিশ্বকাপ প্ৰথমবাৰৰ বাবে ভাৰতত আয়োজন কৰা হৈছিল।

Related News