NORTHEAST NOW (Assamese)
অসম

FIFA Bans AIFF: ফিফাই নিষিদ্ধ কৰিলে অল ইণ্ডিয়া ফুটবল ফেডাৰেচনক; ভাৰতৰ পৰা আঁতৰিল অনুৰ্ধ-১৭ৰ মহিলা বিশ্বকাপ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 16, 2022 9:47 am

FIFA suspends All India Football Federation ভাৰতীয় ফুটবলৰ ইতিহাসত লিপিবদ্ধ হ’ল এক ক’লা অধ্যায়ৰ। অল ইণ্ডিয়া ফুটবল ফেডাৰেচন (AIFF)ক ফিফাৰ (FIFA) দ্বাৰা নিষিদ্ধ কৰা হৈছে। ফিফাই এক প্ৰেছ বিবৃতি যোগে কয় যে ফেডাৰেচনত তৃতীয় পক্ষৰ হস্তক্ষেপৰ বাবে এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

দৰাচলতে, ফিফাই ফেডাৰেচনৰ নিৰ্বাচনত উচ্চতম ন্যায়ালয়ে গঠন কৰি দিয়া সমিতিৰ হস্তক্ষেপ মুঠেও ভালদৰে গ্ৰহণ কৰা নাছিল। ফলস্বৰূপে ফেডাৰেচনে এই শাস্তিৰ সন্মুখীন হ’ব লগা হ’ল।

কেইমাহমান পূৰ্বে উচ্চতম ন্যায়ালয়ে ফেডাৰেচনৰ সংবিধান সংশোধন আৰু দ্ৰুত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ প্ৰশাসকৰ এখন তিনিজনীয়া সমিতি গঠন কৰি দিছিল। অহা ২৮ আগষ্টত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল। পিচে, স্বায়ত্তশাসিত ক্ৰীড়া সংস্থাসমূহত তৃতীয় পক্ষৰ হস্তক্ষেপ ফিফাৰ আইনবিৰোধী। সেয়ে ফিফাই এই সমিতিৰ হস্তক্ষেপৰ বিৰুদ্ধে এক কঠোৰ সিদ্ধান্ত ল’লে।

লগতে পঢ়ক: দেশৰ ৭৫ বছৰীয়া স্বাধীনতা! ৰাজহুৱা সম্পদৰ ৰক্ষণাবেক্ষণৰ ব্যৰ্থতাই বাধাৰ সৃষ্টি কৰিছে উন্নয়নত

ইপিনে, কেৱল ফেডাৰেচনক নিষিদ্ধ কৰাই নহয়, লগতে  অনুৰ্ধ-১৭ মহিলা বিশ্বকাপো ভাৰতৰ পৰা আঁতৰাই দিয়া হৈছে। চলিত বছৰৰ ১১-৩০ অক্টোবৰলৈ ভাৰতত মহিলা অনুৰ্ধ-১৭ বিশ্বকাপ অনুষ্ঠিত হোৱাৰ কথা আছিল। ফিফাৰ নিষেধাজ্ঞাৰ ফলত ভাৰতত বিশ্বকাপ অনুষ্ঠিত নহ’ব বুলি জনোৱা হৈছে।

ফিফাই এক প্ৰেছ বিবৃতিত কয় যে অল ইণ্ডিয়া ফুটবল ফেডাৰেচনৰ কাৰ্যকৰী সমিতিয়ে সকলো নিয়ন্ত্ৰণ ঘূৰাই নোপোৱালৈকে এই নিষেধাজ্ঞা বলবৎ থাকিব।

সূত্ৰসমূহৰ মতে ফিফাই পিছত মহিলা বিশ্বকাপৰ বিষয়ে চিন্তা কৰিব। ভৱিষ্যতে পৰিস্থিতিয়ে কি ৰূপ লয় তালৈ চাই ফিফাই পৰৱৰ্তী পদক্ষেপ ল’ব।

লগতে পঢ়ক: Taiwan: পেলোচিৰ পিছত আমেৰিকাৰ চিনেটৰৰ টাইৱান ভ্ৰমণ; ক্ষুব্ধ চীনে পুনৰ আৰম্ভ কৰিলে সামৰিক অনুশীলন

উল্লেখ্য যে চলিত মাহৰ আৰম্ভণিতে ফিফাই সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনক নিষিদ্ধ কৰাৰ লগতে আগন্তুক অনুৰ্ধ-১৭ বিশ্বকাপ আয়োজনো ভাৰতৰ পৰা অঁতৰাই নিয়াৰ ভাবুকি দিছিল।

দৰাচলতে উচ্চতম ন্যায়ালয়ে ফেডাৰেচনক দুৰ্নীতিৰ পৰা মুক্ত কৰি নতুন আৰু স্বচ্ছভাৱে নিৰ্বাচন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ এখন বিশেষ সমিতিক দায়িত্ব দিছে। কিন্তু ফিফাৰ আপত্তি এই তৃতীয় পক্ষক লৈয়েই।

ইপিনে, বিশ্ব ফুটবলৰ সৰ্বোচ্চ নিয়ন্ত্ৰক সংস্থা ফিফাই ভাৰতৰ কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰালয়ৰ সৈতে নিয়মীয়া যোগাযোগ ৰক্ষা কৰি আছে। সমস্যাটো সোনকালেই সমাধান হ’ব বুলি ফিফা আশাবাদী। সমস্যাটো শীঘ্ৰে সমাধান হ’লে ভাৰতত অনুৰ্ধ-১৭ মহিলা বিশ্বকাপ অনুষ্ঠিত হ’বও পাৰে।