NORTHEAST NOW (Assamese)
অসম

ক’ৰ’নাৰ বিৰুদ্ধে যুঁজিবলৈ মিজো হকী খেলুৱৈ লালৰেমচিয়ামিৰ ৫০,০০০ টকা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 21, 2020 7:41 pm
ক’ৰ’নাৰ বিৰুদ্ধে যুঁজিবলৈ মিজো হকী খেলুৱৈ লালৰেমচিয়ামিৰ ৫০,০০০ টকা

ভাৰতীয় মহিলা হকী দলৰ এটি পৰিচিত নাম লালৰেমচিয়ামি। মিজোৰামৰ এইগৰাকী হকী খেলুৱৈয়ে ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজিবলৈ ৫০,০০০ টকা আগবঢ়াইছে।

আজি আন্তঃৰাষ্ট্ৰীয় পিতৃ দিৱসৰ প্ৰতি লক্ষ্য ৰাখি লালৰেমচিয়ামিয়ে নিজৰ প্ৰয়াত পিতৃৰ সোঁৱৰণত এই আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰে।

লালৰেমচিয়ামিৰ হৈ আজি তেওঁৰ মাতৃয়ে মিজোৰাম চৰকাৰক উক্ত ধন ৰাশি প্ৰদান কৰে।

৫০ হাজাৰ টকাৰ চেক প্ৰদান কৰা সময়ত লালৰেমচিয়ামিৰ মাতৃ।

বৰ্তমান বাংগালুৰুত থকা প্ৰতিভাৱান হকী খেলুৱৈ লালৰেমচিয়ামিয়ে হৈছে একমাত্ৰ মহিলা হকী খেলুৱৈ যিয়ে ২০১৯ চনত FIH ৰাইজিং ষ্টাৰ এৱাৰ্ড লাভ কৰিছিল।