NORTHEAST NOW (Assamese)
অসম

নগাঁৱৰ চাপানালাত মালিকপক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰি চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

Posted by: ভাৰ্গব হাজৰিকা March 5, 2019 12:43 pm
protest of tea workers at Nagaon

চাহ শ্ৰমিকৰ দীৰ্ঘদিনীয়া সমস্যা সমূহ সমাধানৰ দাবীত আজি উত্তাল হৈ পৰে নগাঁও জিলাৰ চাপানালাৰ ইণ্ডিয়ান চাহ বাগিচা। মালিকপক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰি বাগিচাখনৰ দুই শতাধিক চাহ শ্ৰমিকে তেওঁলোকৰ সমস্যা সমাধানৰ দাবীত দুই ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নগাঁও শাখা আৰু চাপানালা উপ শাখাৰ উদ্যোগত চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিকে আদি কৰি বিভিন্ন সমস্যা সমাধানৰ দাবীত প্ৰায় দুই শতাধিক চাহ শ্ৰমিকে কাম-কাজ এৰি সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ।

নগাঁৱৰ চাপানালাৰ বহু বছৰ পুৰণি এই ইণ্ডিয়ান চাহ বাগিচাৰ চাহ শ্ৰমিক সকলক মালিক পক্ষৰ লগতে নগাঁও জিলা চাহ শ্ৰমিক সংঘৰ প্ৰাক্তন সভাপতি বিন্দু গঞ্জুৱে দীৰ্ঘদিন ধৰি প্ৰাপ্যৰ পৰা বঞ্চিত কৰি ৰখা বুলিও অভিযোগ উত্থাপন কৰে।

আনহাতে বিন্দু গঞ্জুয়ে বাগিচাখনত অনাধিকাৰ হস্তক্ষেপ কৰি যথেষ্ট বিসংগতিৰ সৃষ্টি কৰা বাবেই আজিৰ এই দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰা হয় বুলি মন্তব্য কৰে শ্ৰমিকসকলে।

ইয়াৰ উপৰি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নগাঁও শাখা আৰু চাপানালা উপ-শাখাৰ লগতে চাহ শ্ৰমিকসকলে অতি শীঘ্ৰেই অঞ্চলটোৰ ভিতৰতে অতি পিছপৰা বাগিচাখনত থকা বিভিন্ন সমস্যাসমূহ সমাধান কৰি এখন আগশাৰীৰ বাগিচাৰূপে প্ৰতিষ্ঠা কৰিবলৈও দাবী জনায়।

ইফালে চাহ বাগিচাৰ মালিকপক্ষৰ লগতে বাগিচা কৰ্তৃপক্ষই শ্ৰমিকৰ দাবীসমূহ পূৰণ নকৰিলে জংগী আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে আটছাৰ নেতৃত্বই।