NORTHEAST NOW (Assamese)

ৰণবীৰ সিং আৰু কাৰ্তিক আৰিয়নে এপাক নাচিলে বিহু

February 15, 2020 2:20 pm · এন ই নাও নিউজ
Updated: February 15, 2020 2:34 pm
ফটো উৎস : নিউজ নেশ্যন

গুৱাহাটীত অনুষ্ঠিত হ’ব লগীয়া ৬৫ সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ডছত অংশ ল’বলৈ অহা বলিউদৰ ছুপাৰষ্টাৰ ৰণবীৰ সিং আৰু কাৰ্তিক আৰিয়ানে বিহু নৃত্যৰে হৃদয় জিনিবলৈ সক্ষম হৈছে অসমবাসীৰ।

শুকুৰবাৰে দুপৰীয়াভাগত গুৱাহাটী বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে আন তাৰকাৰ লগতে এই দুয়োগৰাকী অভিনেতাকো এটা বিহু নৃত্যৰ দলে আদৰণি জনাইছিল।

ঢোলৰ শব্দ আৰু নৃত্য দেখি স্বভাৱসুলভ মনৰ গৰাকী ৰণবীৰ আৰু কাৰ্তিকে বিহু দলটোৰ সৈতে একেলগে নৃত্য কৰি বিমান বন্দৰত উপস্থিত লোকসকলক মনোৰঞ্জন প্ৰদান কৰে।

বৰ্তমান ছ’চিয়েল মিডিয়াত তেওঁলোকৰ বিহু নৃত্য ভাইৰেল হৈ পৰিছে আৰু দুয়োজনকে অসমৰ ৰাইজে ধন্যবাদেৰে ওপচাই পেলোৱা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে আজি গুৱাহাটীৰ সৰুসজাইত ষ্টেডিয়ামত অনুষ্ঠিত হ’ব লগীয়া ফিল্মফেয়াৰ অনুষ্ঠানত অংশ লোৱাৰ উদ্দেশ্যে ৰণবীৰ, কাৰ্তিকৰ উপৰি কৰণ জোহৰ, বিকি কৌশ্যল, গোবিন্দা, অক্ষয় কুমাৰ, মোহময়ী অভিনেত্ৰী মাধুৰী দিক্ষীতৰ লগতে কেইবাগৰাকীও আগশাৰীৰ বলিউদৰ তাৰকা আহি উপস্থিত হৈছে।

Related News