NORTHEAST NOW (Assamese)
Popular Stories

ছবি নিৰ্মাতা অনুৰাগ কাশ্যপ আৰু অভিনেত্ৰী তাপসী পান্নুৰ বিৰুদ্ধে আয়কৰ বিভাগৰ অভিযান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 3, 2021 1:37 pm
111375

বলিউদৰ ছবি নিৰ্দেশক তথা নিৰ্মাতা অনুৰাগ কাশ্যপ আৰু অভিনেত্ৰী তাপসী পান্নুৰ বিৰুদ্ধে আয়কৰ বিভাগে অভিযান চলাইছে।

এনআইএত প্ৰকাশ পোৱা খবৰ অনুসৰি দুয়োগৰাকী তাৰকাই কৰ ফাঁকি দিয়াৰ অভিযোগ তুলি আয়কৰ বিভাগে অভিযান চলাইছে।

সূত্ৰটোৰ মতে মুম্বাই আৰু পুনেৰ অতি কমেও ২০ টা স্থানত আয়কৰ বিভাগে অভিযান চলাইছে। ইয়াৰ মাজত টেলেন্ট এজেঞ্চি আৰু প্ৰযোজনা প্ৰতিষ্ঠান মধু মান্টেনাও আছে বুলি প্ৰকাশ কৰিছে সূত্ৰটোৱে।

আয়কৰ অভিযান এতিয়াও অব্যহাত আছে আৰু বিতং তথ্যৰ বাবে অপেক্ষা কৰা হৈছে।

উল্লেখ্য যে অনুৰাগ কাশ্যপে বিজেপি চৰকাৰ বিৰোধী স্থিতি লোৱাই নহয় বিভিন্ন সময়ত কেন্দ্ৰ চৰকাৰৰ নীতিসমূহক কঠোৰ ভাষাৰে সমালোচনা কৰি আহিছে।

সততে সামাজিক মাধ্যমত চৰকাৰক তৈল মৰ্দন কৰি মন্তব্য প্ৰকাশ কৰি অহা অভিনেত্ৰী কংগণা ৰাণাৱটকো তীব্ৰ ভাষাৰে সমালোচনা কৰি আহিছে অনুৰাগ আৰু অভিনেত্ৰী তপসীয়ে।

দুয়োগৰাকী তাৰকাই বিজেপিৰ লগতে চৰকাৰ সমৰ্থিত পক্ষৰ পৰা বিভিন্ন সময়ত সমালোচিত হৈ আহিছে।