NORTHEAST NOW (Assamese)
অসম

পোখৰাণত ভাৰতে পৰীক্ষণ কৰিলে তৃতীয় প্ৰজন্মৰ টেংক প্ৰতিৰোধী নাগ মিছাইল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 22, 2020 3:22 pm
a nag

প্ৰতিৰক্ষা প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতে আজি আৰু এক সৱল খোজ পেলাবলৈ সক্ষম হ’ল।

ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা প্ৰতিষ্ঠানৰ উদ্যোগত নিৰ্মাণ কৰি উলিওৱা টেংক ধ্বংস কৰিব পৰা নাগ মিছাইলৰ আজি সফলতাৰে পৰীক্ষণ সম্পন্ন কৰা হয়।

ৰাজস্থানৰ পোখৰাণৰ পৰা আজি পুৱা ৬.৪৫ বজাত নাগ মিছাইলৰ পৰাীক্ষণ কৰা হয়।

তৃতীয় প্ৰজন্মৰ এই মিছাইল বিধে ৩ৰ পৰা ৭ কিলোমিটাৰ দূৰত্বত থকা শত্ৰু পক্ষৰ টেংক ধ্বংস কৰিব পাৰিব।

তদুপৰি মিছাইল বিধে অস্ত্ৰও কঢ়িয়াই নিব পাৰিব বুলি ভাৰতীয় প্ৰতিৰক্ষা গৱেষণা প্ৰতিষ্ঠানৰ এগৰাকী বিষয়াই প্ৰকাশ কৰিছে। এই মিছাইল বিধ শীঘ্ৰে ভাৰতীয় সেনা বাহিনীত অন্তৰ্ভূক্ত কৰা হ’ব।উল্লেখ্য কিছুদিন পূৰ্বে ভাৰতে

স্থল, জল আৰু বায়ু যিকোনো স্থানৰ পৰাই মৰি পঠিয়াব পৰা ব্ৰাহ্মছ মিছাইলৰ  নৌসেনাৰ যুদ্ধ জাহাজ আইএনএছ চেন্নাইৰ পৰা সফলতাৰে পৰীক্ষণ কৰিছিল।

আৰৱ সাগৰৰ বুকুত পৰীক্ষা কৰা ব্ৰাহ্মছ মিছাইলে সঠিক লক্ষ্যত আঘাত হানিবলৈ সক্ষম হয় ।উল্লেখ্য চীনৰ সৈতে ভাৰতৰ সংঘাত তুংগত উঠাৰ সময়তে ভাৰতে ধাৰাবাহিক ভাবে  মহাশক্তিশালী ব্ৰাহ্মছ মিছাইলৰ পৰীক্ষণ অব্যাহত ৰাখিছে।

ওড়িশাৰ বালাচোৰৰ পৰা অলপতে ভাৰতে এই মিছাইল বিধৰ সফল পৰীক্ষণ কৰে।

ৰাছিয়াৰ সহযোগত ভাৰতে সাজি উলিওৱা ব্ৰাহ্মছ মিছাইলে ৪০০ কিলোমিটাৰ দূৰত্বলৈ আঘাত হানিব পাৰিব বুলি প্ৰতিৰক্ষা দপ্তৰৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰিছে।

মুখপাত্ৰ গৰাকীয়ে প্ৰকাশ কৰা মতে ব্ৰাহ্মছ মিছাইলত এইবাৰ বুষ্টাৰ ইঞ্জিন সংযুক্ত কৰা হৈছে।

ইয়াৰ ফলত মিছাইলবিধৰ শক্তি ভালেখিনি বৃদ্ধি পাব বুলি তেওঁ কয়।

উল্লেখ্য ব্ৰাহ্মছ মিছাইলৰ প্ৰথম পৰীক্ষণ সম্পন্ন কৰা হৈছিল ২০১৭ চনৰ মাৰ্চ মাহত।চলিত বৰ্ষতে এই মিছাইল বিধ ভাৰতীয় বায়ুসেনাৰ সুখয়-৩০ যুদ্ধ বিমানত স্থাপন কৰা হৈছে।