NORTHEAST NOW (Assamese)
অসম

কেন্দ্ৰীয় বাজেটত অসমত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে ৩৪ হাজাৰ কোটি টকা আৱণ্টন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 1, 2021 12:23 pm
sitharaman

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি দাখিল কৰা সাধাৰণ বাজেটত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে কিছু বিশেষ পেকেজ ঘোষণা কৰিছে।

ক’ৰ’ণাকালত সীতাৰমণে দাখিল কৰা বাজেটত অসমৰ যাতায়াত ব্যৱস্থাৰ উন্নয়নৰ বিষয়ত বিশেষ গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হৈছে।

কেন্দ্ৰীয় বিত্তমমন্ত্ৰীয়ে দাখিল কৰা বাজেটত অসমত অহা তিনি বছৰৰ ভিতৰত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে আৱণ্টন দিয়া হৈছে মুঠ ৩৪ হাজাৰ কোটি টকা। অসমত এই ধনেৰে অসমত ১৩ শ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হ’ব।

লগতে এই ধন ৰাশিৰে অসমত ফ’ৰ লেন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ লগতে ঘাইপথৰ উন্নয়ন কৰা হ’ব।

অসমৰ লগতে চুবুৰীয়া পশ্চিমবংগত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবেও বাজেটত বৃহৎ পুঁজি ধাৰ্য কৰা হৈছে।

ইপিনে ক’ৰ’ণাই বিধ্বস্ত কৰা দেশৰ অৰ্থনীতিৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ বিবেচিত হোৱা কেন্দ্ৰীয় বাজেটত অনুৰণন ঘটিছে মোদীৰ আত্মনিৰ্ভৰ ভাৰতৰ কথা।

স্বাস্থ্য খণ্ডত কেইবা হাজাৰ কোটি টকা ধাৰ্য কৰি ১৭ হাজাৰ স্বাস্থ্য প্ৰতিষ্ঠানক নৱজীৱন দান কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে।

বাজেটৰ বিভিন্ন ঘোষণাৰে কৃষকৰ আয় দ্বিগুণ কৰাৰো লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।