NORTHEAST NOW (Assamese)
অসম

বাজেট: স্বাস্থ্যখণ্ডলৈ বিশেষ পেকেজ; কৰ’নাৰ ভেকচিনৰ বাবে ৩৪ হাজাৰ কোটি টকাৰ অনুমোদন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 1, 2021 11:57 am
WhatsApp Image 2021-02-01 at 11.51.54 AM

কৰ’না সংকটৰ সময়ত সোমবাৰে আটাইতকৈ গুৰুত্বপূৰ্ণ বাজেট উত্থাপন কৰিছে কেন্দ্ৰীয় চৰকাৰে। অৱশ্যে, এইবাৰৰ বাজেট সময় সাপেক্ষে যথেষ্ট প্ৰত্যাহ্বান বুলিও ধাৰণা কৰা হৈছে।

কৰ’না ভাইৰাছ মহামাৰীৰ সন্ধিক্ষণত বিপৰ্যস্ত অৰ্থনীতিত প্ৰাণ সঞ্চাৰ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে চেষ্টা চলোৱাৰ দাবী কৰিলছে যদিও একাংশ বিশেষজ্ঞই এই পথ মসৃন নহয় বুলি সোঁৱৰাই দিছে।

কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে ঘোষণা কৰা মতে স্বাস্থ্যখণ্ডত বিশেষ গুৰুত্ব দিয়া হৈছে। প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰ স্বাস্থ্যত ৭৪হাজাৰ কোটি টকা ধাৰ্য কৰা হৈছে।

আগন্তুক ৬বছৰত এই ধন ব্যয় কৰা হ’ব। ৰাষ্ট্ৰীয় স্বাস্থ্য আন্ত::গাঁথনি শক্তিশালী কৰি তোলা হ’ব। দেশৰ ৬০২খন জিলা ইয়াৰ দ্বাৰা উপকৃত হ’ব।

দেশৰ ২০খন চহৰৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসা প্ৰতিষ্ঠান নিৰ্মাণ কৰা হ’ব। বহু প্ৰতিষ্ঠান উপকৃত হ’ব বুলি কোৱা হৈছে।

কেন্দ্ৰীয় বিত্তীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি সংসদ বাজেট ভাষণত কৰ’না ভাইৰাছৰ ভেকচিনৰ বাবে ৩৪,০০০কোটি টকা অনুমোদন দিয়া হৈছে। প্ৰয়োজন সাপেক্ষে আৰু ধন আৱন্টন কৰা হ’ব বুলিও বিত্তমন্ত্ৰীয়ে জানিবলৈ দিয়ে।