NORTHEAST NOW (Assamese)

বোকাখাত মহকুমাৰ ম’হ মাইকী গাওঁ পঞ্চায়তৰ দুৰ্নীতি : হিতাধিকাৰীৰ ধন হৰলুকিৰ অভিযোগ

August 28, 2020 9:25 am · উত্তম শইকীয়া
ফটো : নর্থইষ্ট নাও

বোকাখাতৰ বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ পঞ্চায়ত হোৱা বাবেই ম’হ মাইকী গাওঁ পঞ্চায়তক ৰজাঘৰীয়া পঞ্চায়ত বুলিও কোৱা হয় ৷

বোকাখাত মহকুমাৰ এই ম’হ মাইকী গাওঁ পঞ্চায়ত সংঘটিত দুৰ্নীতিৰ সম্পৰ্কত চলোৱা অনুসন্ধানত ওলোৱা আন এক তথ্য মতে ম’হ মাইকী গাওঁ পঞ্চায়তৰ ১০ নং ৱাৰ্ডৰ বাসিন্দা ৰায়সিং মুণ্ডা নামৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰী জনৰ গৃহ নিৰ্মাণৰ পঞ্জীয়নত পিতৃৰ নাম সত মুণ্ডা বুলি উল্লেখ কৰিছে ম’হ মাইকী গাওঁ পঞ্চায়তে।

কিন্তু এই পঞ্জীয়নৰ সৈতে সংযোজিত জব কাৰ্ডৰ হিতাধিকাৰীৰ নাম কান্দ্ৰ মুড়া আৰু পিতৃৰ নাম চুটু মুড়া বুলিহে উল্লেখ কৰা হৈছে ৷

এই কান্দ্ৰ মুড়াকেই ৰায়সিং মুণ্ডাৰ গৃহ নিৰ্মাণৰ বাবে ৬ দিনৰ হাজিৰা মুঠ ১২৭৮ টকা প্ৰদান কৰিছে ম’হ মাইকী গাওঁ পঞ্চায়তে ৷

এতিয়া প্ৰশ্ন হ’ল কোন এই কান্দ্ৰ মুড়া ? ৰায়সিং মুণ্ডাৰ গৃহ নিৰ্মাণৰ বাবে ম’হ মাইকী গাওঁ পঞ্চায়তে কিয় তেওঁক দায়িত্ব দিছিল ?

মন কৰিব লগিয়া যে এই ধনৰাশি প্ৰদানৰ বাবে প্ৰস্তুত কৰা মাষ্টাৰ ৰোলত আকৌ কান্দ্ৰ মুড়াৰ নাম ‘কান্দ্ৰ বৰা’ বুলিহে উল্লেখ কৰিছে ম’হ মাইকী পঞ্চায়তে ৷

কান্দ্ৰ মুড়াৰ নামত থকা জৱকাৰ্ডখন। ফটো: নৰ্থইষ্ট নাও

প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ ধন লেনদেনৰ স্বাৰ্থতেই ম’হ মাইকী গাওঁ পঞ্চায়তে এজন হিতাধিকাৰীৰ নাম ৰায়সিং মুণ্ডা, কান্দ্ৰ মুড়া আৰু কান্দ্ৰ বৰা কৰাতো মন কৰিবলগীয়া ৷

একেদৰে ম’হমাইকী গাওঁ পঞ্চায়তৰ ৮ নং ৱাৰ্ডৰ প্ৰয়াত জলধৰ প্ৰজাৰ পুত্ৰ কামনা প্ৰজাৰ নামৰ এজন লোকক চলিত বৰ্ষতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টন দিয়া হৈছিল ৷

হিতাধিকাৰী হিচাবে কামনা প্ৰজাৰ নাম পঞ্জীয়ন হোৱাৰ পাছত থাকিবলগীয়া জব কাৰ্ডখন কিন্তু জলধৰ প্ৰজাৰ পুত্ৰ চন্দ্ৰ প্ৰজাৰ নামতহে আছে ৷

আমি কৰা অনুসন্ধানৰ তথ্য মতে কামনা প্ৰজাৰ আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ বাবদ জব কাৰ্ডৰ জড়িয়তে ৫৪ দিনৰ মুঠ হাজিৰা ১৪,০৫৮ টকা কামনা প্ৰজাক নহয় চন্দ্ৰ প্ৰজাকহে প্ৰদান কৰিছে ম’হ মাইকী গাওঁ পঞ্চায়তে ৷

কিন্তু কিয় চন্দ্ৰ প্ৰজাক কামনা প্ৰজাৰ টকা প্ৰদান কৰা হ’ল তাৰ  উত্তৰ পঞ্চায়ত খনৰ হাতত নাই ৷

বোকাখাতৰ ম’হমাইকী গাওঁ পঞ্চায়ত খনত চলি থকা এনেবোৰ জালিয়াতিৰ উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদানৰ দাবী কৰিছে সচেতন ৰাইজে ৷

Related News