NORTHEAST NOW (Assamese)
অসম

প্ৰৱঞ্চনাৰে ১.৪৬ লাখ টকা উলিয়াই নিয়া Paytmৰ ভি পিৰ বিৰুদ্ধে এজাহাৰ দাখিল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 10, 2020 2:53 pm
paytm-add-money

মাৰ্চেন্ট একাউন্টৰ পৰা Paytm কেচবেকৰ প্ৰলোভন দি ১.৪৬ লাখ টকা উলিয়াই নিয়াৰ অভিযোগ তুলি Paytmৰ ভাইচ প্ৰেছিডন্টকে ধৰি পাঁচ জন লোকৰ বিৰুদ্ধে এজন গ্ৰাহকে এখন এজাহাৰ দাখিল কৰিছে।

গাজিয়াবাদৰ কবিনগৰ আৰক্ষী থানাত Paytmৰ ভাইচ প্ৰেছিডন্ট অজয় শেখৰ শৰ্মাকে ধৰি পাঁচজন লোকৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে।

মাৰ্কেটিং কোম্পানী এটাৰ স্বত্ত্বাধিকাৰী প্ৱঞ্চনাৰ বলি হোৱা ৰাজকুমাৰ সিঙৰ অভিযোগৰ ভিত্তিত প্ৰৱঞ্চনাৰ ধাৰাত গোচৰটো ৰুজু কৰা হৈছে।

গাজিয়াবাদৰ আৰক্ষী অধীক্ষক মনীষ মিশ্ৰই কয় যে যোৱা বছৰৰ ২৮ ডিচেম্বৰত কল লাভ কৰা ঘটনাৰ বলি গ্ৰাহকজনে  আপোচ কৰিছে নেকি তাৰ বেংকৰ বিশদ অনুসন্ধান চলোৱা হৈছে।

গ্ৰাহকজনে এক কেচবেক অফাৰ দি ধন আত্মস্যাৎ কৰাৰ বাবে দিয়া অভিযোগৰ ভিত্তিত গোচৰ ৰুজু কৰা হৈছে।

‘’গ্ৰাহকজনক ‘অচিনাক্ত ব্যক্তি’য়ে কেচবেক লাভ কৰিবলৈ তেওঁৰ নম্বৰত এটা লিংকত ক্লিক কৰি পঠিয়াবলৈ প্ৰেৰণ কৰিছিল। তেওঁ লিংকটোত ক্লিক কৰাৰ লগে লগেই ১.৪৬ লাখ টকা তেওঁৰ একাউন্টৰ পৰা কটা যায়,’’-আৰক্ষীয়ে কয়।

আৰক্ষীয়ে Paytmৰ বিষয়াক তেওঁলোকৰ তৰফৰ পৰা গ্ৰাহকৰ তথ্য সুৰক্ষিত ৰখাৰ ক্ষেত্ৰত কিবা গাফিলতি আছিল নেকি তাৰ বাবে জেৰা চলাই আছে।