NORTHEAST NOW (Assamese)
অসম

এইবাৰ উত্তৰ প্ৰদেশৰ মন্ত্ৰীয়ে দাবী তুলিলে বোৰ্খা নিষিদ্ধ কৰাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 10, 2020 3:43 pm
Burqa

এইবাৰ উত্তৰ প্ৰদেশৰ মন্ত্ৰীয়ে দাবী তুলিলে বোৰ্খা নিষিদ্ধ কৰাৰ।

ৰঘুৰাজ সিং নামৰ এই মন্ত্ৰীজনে বোৰ্খা নিষিদ্ধ কৰাৰ দাবী তোলোতে বিতৰ্কিত মন্তব্যও কৰে। তেওঁ কয়, “বোৰ্খা সন্ত্ৰাসবাদীসকলেহে পিন্ধে তেওঁলোকৰ পৰিচয় লুকুৱাই ৰাখিবলৈ”।

তেওঁ এই মন্তব্য আগ্ৰাৰ শ্বাহজামল অঞ্চলত CAA-বিৰোধী আন্দোলনত ভাগ লোৱা মুছলমান মহিলাসকলৰ প্ৰসংগত কোৱা বুলি প্ৰকাশ।

তেওঁ লগতে কয় যে বোৰ্খা আৰবীয় দেশবিলাকত পিন্ধা আৰম্ভ হৈছিল, আৰু এইটো ভাৰতীয় পৰম্পৰা নহয়।

ভাৰতত ইয়াক নিষিদ্ধ কৰিব লাগে বুলি মন্তব্য কৰি তেওঁ কয়, “বোমা বিস্ফোৰণৰ পিছত আনকি শ্ৰীলংকাতো ইয়াক নিষিদ্ধ কৰিছিল”।

মন্ত্ৰীজনে পূৰ্বেও বিতৰ্কিত মন্তব্য কৰাৰ উদাহৰণ আছে।

পূৰ্বে এবাৰ তেওঁ মোদী আৰু যোগী আদিত্যনাথৰ বিৰুদ্ধে শ্ল’গান দিয়াসকলক জীয়াই জীয়াই কবৰ দিব লাগে বুলি কৈছিল।

সিং উত্তৰ প্ৰদেশৰ কুন্দা নামৰ বিধানসভা সমষ্টিটোৰ পৰা ৬বাৰকৈ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে জয়ী হৈছে।

লগতে পঢ়ক বোৰ্খা নিষিদ্ধৰ দাবী কৰা চহিৰ ভূঞাক অশালীন আক্ৰমণ; কন্যাৰ ফটোৰ সৈতে পোষ্ট দি অশ্লীল মন্তব্য

প্ৰসংগক্ৰমে ক’ব পাৰি যে যোৱা মাহত বিহাৰৰ এখন মহাবিদ্যালয়ত বোৰ্খা নিষিদ্ধ কৰি কৰ্তৃপক্ষই নিয়ম বান্ধি দিছিল।

পাটনাস্থিত জে ডি ৱ’মেন কলেজ কৰ্তৃপক্ষই মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সমসাজ (য়ুনিফৰ্ম) নিৰ্ধাৰণ কৰি দিয়া জাননীত এই নিষিদ্ধতা আৰোপ কৰা হৈছিল।

অধ্যক্ষই স্বাক্ষৰ কৰা জাননীখনত আনকি বোৰ্খা পৰিধান কৰিলে ২৫০ টকাকৈ জৰিমনা বিহা হ’ব বুলি কোৱা হৈছিল।

আনহাতে অসমতো সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ মুখ্য উপদেষ্টা চহিৰ ভূঞাই বোৰ্খা নিষিদ্ধ কৰাৰ দাবী তুলিছিল যোৱা বছৰৰ মে’ মাহত, যাৰ বাবে তেওঁক বহুতো গোড়া মুছলমানে সমালোচনাৰে থকা-সৰকা কৰিছিল।