NORTHEAST NOW (Assamese)
অসম

এন আৰ চিৰ কামে দিয়া পৰিণতি : প্ৰতীক হাজেলাৰ বিৰুদ্ধে লতাশিল থানাত এজাহাৰ

Posted by: শান্তনু শইকীয়া Updated by: শান্তনু শইকীয়া September 3, 2019 8:49 pm
Prateek Hejela

তিনিদিন পূৰ্বে অসমৰ জনগণক ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উপহাৰ দিয়া প্ৰতীক হাজেলাৰ বিৰুদ্ধে এইবাৰ এজাহাৰ পৰিছে লতাশিল থানাত।

প্ৰায় ছবছৰ কাল নিষ্ঠা আৰু দেহে-কেহে খটা এন আৰ চিৰ ৰাজ্যিক সমন্বয়কজনৰ বিৰুদ্ধে এই ধৃষ্টতা দেখুৱাইছে সদৌ অসম গৰিয়া-মৰিয়া যুৱ-ছাত্ৰ পৰিষদে।

এন আৰ চিৰ তালিকাক লৈ বহু পক্ষ, দল-সংগঠন, ব্যক্তিয়ে নিজৰ নিজৰ অসন্তুষ্টি প্ৰকাশ কৰাৰ সময়তে প্ৰতীক হাজেলাৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চপা সংগঠনটোৰ দাবী, “সকলো শুদ্ধ নথি-পত্ৰ থকাৰ পাছতো এন আৰ চিৰ মুখ্য সমন্বয়ক প্ৰতীক হাজেলাই গৰিয়া মৰিয়াকে ধৰি বহু খিলঞ্জীয়া ভূমিপুত্ৰৰ নাম চূড়ান্ত তালিকাৰ পৰা উদ্দেশ্য প্ৰণোদিতভাৱে বাদ পেলাইছে”।

এই অভিযোগ সহ দিনৰ প্ৰায় দুই বজাত লতাশিল থানাত এজাহাৰ দাখিল কৰা সংগঠনটোৱে ৰাজ্যিক সমন্বয়ক হাজেলাক এন আৰ চিৰ মুখ্য সমন্বয়ক বুলি উল্লেখ কৰে।

FIR
লতাশিল থানাত দিয়া এজাহাৰৰ প্ৰতিলিপি।

হাজেলাই দেশবাসীৰ হকে কাম কৰা সেনা জোৱানৰ নাম পৰ্যন্ত বাদ দিছে বুলিও সংগঠনটোৱে অভিযোগ কৰে।

“ইয়াৰোপৰি একেখন লিগেচী ব্যৱহাৰ কৰাৰ পাছতো নিৰ্দিষ্ট একোটা পৰিয়ালৰ তিনিজন লোকৰ নাম আহিছে, কিন্তু দুজনৰ নাম অহা নাই”, প্ৰতীক হাজেলাৰ মইমতালিৰ বাবেই এইবোৰ হোৱা বুলি দাবী কৰি সংগঠনটোৱে কয়।

সংগঠনটোৱে এই সকলোবোৰ দিশ চালি-জাৰি চাই উচিত তদন্ত কৰি গাফিলতি কৰা বিষয়াক কঠোৰ শাস্তি দিবলৈ আৰক্ষীক দাবী জনায়।

আনহাতে এজাহাৰখনৰ ভিত্তিত এতিয়াও গোচৰ ৰুজু কৰা নাই আৰক্ষীয়ে, থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উপেন কলিতাই নৰ্থ-ইষ্ট নাওক জনায়।

“আমি অভিযোগটো গ্ৰহণ কৰিছো কিন্তু এতিয়ালৈ ৰেজিষ্টাৰ কৰা নাই। উচ্চ পৰ্যায়ৰ বিষয়াৰ লগত আলোচনা কৰিহে কেচটো ৰেজিষ্টাৰ কৰা হ’ব নে নহব পৰৱৰ্তী সময়ত জনোৱা হ’ব”, এজাহাৰ দিয়াৰ কথা স্বীকাৰ কৰি আৰক্ষী বিষয়াজনে কয়।