NORTHEAST NOW (Assamese)
অসম

অসমৰ এন আৰ চি : সকলো প্ৰৱেশ পথত কঠোৰ দৃষ্টি ৰাখিবলৈ নাগালেণ্ড চৰকাৰক নাগা ষ্টুডেণ্টছ ফেডাৰেইশ্যনৰ দাবী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 4, 2019 7:27 am
Assam NRC-excluded Gorkhas not to visit Foreigner's Tribunal

এন আৰি চি প্ৰকাশৰ পিছতে অসমৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডত অনুপ্ৰৱেশকাৰীৰ প্ৰৱেশৰ শংকা কৰা হৈছে আৰু এই কথা সোঁৱৰাই দি নাগা ষ্টুডেণ্টছ ফেডাৰেইশ্যনে ৰাজ্যখনৰ চৰকাৰক সতৰ্কতামূলক ব্যৱস্থাবোৰ কটকটীয়া কৰিবলৈ আহ্বান জনাইছে।

সকলো প্ৰৱেশ পথতে ইনাৰলাইন পাৰ্মিটৰ পৰীক্ষা কঠোৰভাৱে অৱলম্বন কৰিবলৈ  এটা ৰাজ্য চৰকাৰখনক বিবৃতিযোগে আহ্বান জনাইছে ছাত্ৰ সংগঠনটোৱে।

৩১ আগষ্টত প্ৰকাশ পোৱা এন আৰ চিত প্ৰায় ১৯ লাখ লোকৰ নাম বাদ পৰাৰ পিছত ছাত্ৰ সংগঠনটোৱে এই লোকসকলৰ এটা অংশ চুবুৰীয়া ৰাজ্যবোৰত প্ৰৱেশ কৰিব পাৰে বুলি শংকা কৰিছে।

নাগা ষ্টুডেণ্টছ ফেডাৰেইশ্যনৰ সভাপতি নিনোটো আৱমি আৰু সাধাৰণ সম্পাদক লিৰেমো আৰ কিকোনে স্বাক্ষৰ কৰা এই প্ৰেছ বিবৃতিটোত ৰাজ্য চৰকাৰখনে ডিমাপুৰ জিলাত দেখুওৱা শিথিলতাত হতাশা প্ৰকাশ কৰে।

ডিমাপুৰত থকা শিথিলতাই ৰাজ্যখনলৈ অবৈধ অনুপ্ৰৱেশকাৰীৰ দুৱাৰ হিচাপে কাম কৰিছে, বিবৃতিটোত কোৱা হয়।

জিলাখনৰ মাজেৰে প্ৰৱেশ কৰা অনুপ্ৰৱেশকাৰীৰ ধলে ৰাজ্যখনৰ নাগা খিলঞ্জীয়া মানুহক সংখ্যালঘুত পৰিণত কৰাৰ প্ৰচুৰ শংকা আছে, নাগা ষ্টুডেণ্টছ ফেডাৰেইশ্যনে কয়।

সংগঠনটোৱে অভিযোগ কৰিছে যে বেংগল ইষ্টাৰ্ন ফ্ৰণ্টিয়াৰ ৰেগুলেইশ্যন ১৮৭৩ ভালদৰে প্ৰয়োগ নকৰা আৰু ইনাৰলাইন পাৰ্মিটৰ পৰিসৰৰ পৰা ডিমাপুৰক বাহিৰত ৰখাটোৱে জিলাখনক অবৈধ প্ৰৱেশকাৰীৰ স্বৰ্গত পৰিণত কৰিছে।