NORTHEAST NOW (Assamese)
Popular Stories

ফেচবুকত যৌনগন্ধী অশ্লীল মন্তব্য; চি আই ডিত গোচৰ তৰিলে কা বিৰোধী নেত্ৰী মীৰা বৰঠাকুৰে

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া March 17, 2020 3:00 pm
mira Borthakur 123.jpg1

ফেচবুকযোগে কা বিৰোধী আন্দোলনৰ নেত্ৰী মীৰা বৰঠাকুৰক অশ্লীল গালি গালাজ কৰে এজন ফেইচবুক ব্যৱহাৰকাৰীয়ে।

বৰঠাকুৰক কেন্দ্ৰ কৰি অতি নিম্ন মানৰ আশ্ৰৱ্য আৰু অশ্লীল শব্দ ব্যৱহাৰ কৰি ফেচবুকত মন্তব্য কৰে প্ৰবীৰ কুমাৰ গোস্বামী নামৰ লোকজনে।

ইয়াতে অতিষ্ঠ হৈ আজি উলুবাৰীস্থিত CID কাৰ্যালয়ত আৰক্ষী মহা পৰিদৰ্শকক সাক্ষাৎ কৰি এজাহাৰ দাখিল কৰে বৰঠাকুৰে। বৰঠাকুৰে এই এজাহাৰৰ প্ৰতিলিপি আৰক্ষী সঞ্চালক প্ৰধান আৰু আৰক্ষী বিশেষ শাখাৰ মহাপৰিদৰ্শকলৈ প্ৰেৰণ কৰিছে।

যোৱা ৮ মাৰ্চত গোস্বামীয়ে কোনো ফেচবুক পোষ্টত অশ্লীল শব্দৰে কমেণ্ট কৰিছিল বুলি গুৰুতৰ অভিযোগ তোলে বৰঠাকুৰে। গোস্বামীৰ বিৰুদ্ধে উচিত তদন্ত কৰিবৰ বাবে আৰক্ষীক দাবী জনায় বৰঠাকুৰে।

এজাহাৰ দাখিল কৰি আহি বৰঠাকুৰে সংবাদ মাধ্যমৰ আগত কয় ‘মই এই কথাটোত বেছি গুৰুত্ব দিছো যে আজি বহু দিনৰ পৰা বিজেপিৰ লগত জড়িত বহু যুৱকে অতি নিম্নখাপৰ ভাষাৰে মোক ট্ৰল কৰি আছে। প্ৰবীৰ কুমাৰ গোস্বামীয়ে বহু তলৰ পৰ্যায়লৈ গৈছে যিটো মোৰ শব্দ প্ৰকাশ কৰাৰ কোনো অৱকাশ নাই। সেয়েহে মই আজি চিআইডিত গোচৰ দিছো।’

‘গোস্বামীক মই এইবাবেই আইনৰ আওতালৈ আনিব বিচাৰিছো যে যুৱ প্ৰজন্মৰ মাজলৈ এটা বাৰ্তা যাওঁক যাতে যাৰ যি মন যায় তাকে যাতে লিখিব নোৱাৰে। দুজনমানে যদি দৃষ্টান্তমূলক শাস্তি পাই তেন্তে যুৱ প্ৰজন্মলৈ এই বাৰ্তা যাব যে আসুৰিক তৃপ্তিৰে চ’ছিয়েল মিডিয়া ব্যৱহাৰ কৰিব নোৱাৰে। এওঁ শাস্তি পোৱাৰ ক্ষেত্ৰত যি কৰিব লাগে কৰিম, যাতে যাৰ যি মন যায় বিকৃত মানসিকতাৰে চাৰিত্ৰিক হনন কৰাৰ কথা যাতে লিখিব নোৱাৰে।’ বৰঠাকুৰে এইদৰে কয়।

ইপিনে, বিজেপিৰ লগতে অন্য দলসমূহৰ নেতৃত্বলৈ আহ্বান জনাই বৰঠাকুৰে কয় ‘যি দলৰে নহওঁক, দলৰ নেতৃত্বই এটা কথা চকু দিয়া উচিত যে চ’ছিয়েল মেডিয়াত আই টি চেল সমূহে যাতে শব্দৰ অপব্যৱহাৰ কৰিব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।’

বৰঠাকুৰে চিআইডিৰ লগতে হাতীগাঁও থানাতো গোস্বামীৰ বিৰুদ্ধে মঙ্গলবাৰে এক এজাহাৰ দাখিল কৰে।

ইপিনে, কা বিৰোধী আন্দোলনত বেছিকৈ জড়িত হৈ পৰা বাবে তেওঁক এনেদৰে বিজেপি আই টি চেলে আক্ৰমণৰ লক্ষ্য কৰি লোৱা বুলি অভিযোগ তোলে বৰঠাকুৰে।

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে অসম প্ৰেমীৰ নামত এক পত্ৰৰ জৰিয়তে বৰঠাকুৰক উচিত শাস্তিৰ ভাবুকি প্ৰদান কৰিছিল।