NORTHEAST NOW (Assamese)

শিৱসাগৰৰ ৰাজপথত দাও দাওকৈ জ্বলিল এখন চলন্ত যাত্ৰীবাহী বাছ

February 20, 2021 3:57 pm · পাৰ্শ্বজ্যোতি গগৈ
Updated: February 20, 2021 8:11 pm

শিৱসাগৰত আজি সংঘটিত হয় এক ভয়কৰ ঘটনা।

ৰাজপথৰ ওপৰতে এখন চল্ত যাত্ৰীবাহী বাছ জুই লগাত যাত্ৰীসকলৰ মাজত হুৱা-দুৱা লাগে।

এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে শিৱসাগৰৰ দিচাং ৰাজাবাৰীত।

ডিব্ৰুগড়ৰ পৰা গোলাঘাটলৈ গৈ থকা যাত্ৰীবাহী  আল্ট্ৰা বাছখন দিচাং ৰজাবাৰী অঞ্চল পোৱাৰ সময়তে দাও দাওকৈ জ্বলিল  উঠে।

অৱশ্যে সৌভাগ্যক্ৰমে বাছ খনত থকা যাত্ৰীসকলে জুয়ে বাছ খন সম্পূৰ্ণকৈ চানি ধৰাৰ পূৰ্বে বাছৰ পৰা নামি যাবলৈ সক্ষম হয়। ফলত ঘটনাটোত কোনো যাত্ৰী হতাহত হোৱা নাই।

জানিব পৰা মতে যান্ত্ৰিক বিজুটিৰ বাবে সংঘটিত হয় এই দুৰ্ঘটনাটো।

ৰাজপথত চলন্ত অৱস্থাতে যাত্ৰীবাহী বাছত জুই লগাৰ কথাই এতিয়া সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Related News