NORTHEAST NOW (Assamese)

শিৱসাগৰ চহৰৰ এ এছ টি চি চৌহদত বিধ্বংসী জুই, নিৰ্বাপণ কৰিলে অগ্নিনিৰ্বাপক বাহিনীয়ে

August 12, 2018 8:30 pm · পাৰ্শ্বজ্যোতি গগৈ

আজি কিছুসময়ৰ পূৰ্বে শিৱসাগৰৰ এ এছ টি চি চৌহদত সংঘটিত এক বিধ্বংসী অগ্নিকাণ্ডই চহৰখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

অগ্নিকাণ্ডটোৰ ফলত ২, ৩ খন মান দোকান সম্পূৰ্ণৰূপে ভষ্মীভূত হৈছে।

সৌভাগ্যৰ কথা যে অগ্নিনিৰ্বাপক বাহিনীৰ ২খন গাড়ী আহি বৰ্তমান জুই নুমুৱাবলৈ সক্ষম হৈছে।

জানিব পৰা মতে কেইখনমান দোকানত বহুকেইটা চিলিণ্ডাৰো আছিল আৰু এএছটিচি চৌহদত বহুটো গাড়ীও ৰখাই থোৱা আছিল।

সময়মতে অহি জুই নিৰ্বাপণ কৰাৰ বাবে এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল অঞ্চলটো।

অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই।

Related News