NORTHEAST NOW (Assamese)

টীয়কত ভয়ংকৰ অগ্নিকাণ্ডত বিস্তৰ ক্ষতিসাধন

February 12, 2021 12:06 pm · নিৰ্মলেন্দু পাঠক

যোৰহাট জিলাৰ টীয়ক সোনাৰী মিচিং গাঁৱত যোৱা নিশা এক ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয়।

এই অগ্নিকাণ্ডত জাহ গ’ল বিষেশ্বৰ মিলি, মুখেশ্বৰ মিলি, তিলেশ্বৰ মিলি আৰু লি ৰাজবংশীৰ বাসগৃহ।

গোহালিও জাহ গৈছে এই অগ্নিকাণ্ডত । অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সা-সম্পত্তি নষ্ট হৈছে বুলি জানিব পৰা গৈছে।

বৰ্তমানলৈকে অগ্নিকাণ্ড সংঘটিত হোৱাৰ কাৰণ জানিব পৰা হোৱা নাই ।

গাঁওবাসীয়ে খবৰ দিয়াৰ পাছতো ঘটনাস্থলীত অগ্নিনিৰ্ব্বাপক বাহিনী বহু পলমকৈ পোৱাৰ অভিযোগ উত্থাপিত হৈছে।

Related News