NORTHEAST NOW (Assamese)
অসম

কালিকা লগা ছবিগৃহ! দিল্লীৰ উপহাৰ ছবিগৃহত আকৌ ভয়ংকৰ অগ্নিকাণ্ড

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী April 17, 2022 3:40 pm

এটা সময়ত দেশজুৰি চৰ্চা লাভ কৰা দিল্লীৰ উপহাৰ ছবিগৃহত পুনৰ ঘটিছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। দেওবাৰে পুৱা দিল্লীৰ বিখ্যাত উপহাৰ চিনেমাত জুই লাগে।

ছবিঘৰটোত পুনৰ জুই লগাৰ খবৰ পোৱাৰ পিছতে অগ্নি নিৰ্বাপক বাহিনীৰ পাঁচ খন গাড়ীয়ে ততাতৈয়াকৈ গৈ ঘটনাস্থলীত উপস্থিত হয়।

জানিব পৰা মতে আজি পুৱা ৪:৪৬ বজাত ছবিঘৰটোত জুই লাগে। স্থানীয় লোকে লগে লগে ফোন কৰি অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে।

দিল্লীৰ অগ্নি নিৰ্বাপক সেৱাৰ সঞ্চালক অতুল গাৰ্গে কয় যে জুই লগাৰ ফলত ছবি ঘৰটোৰ বিস্তৰ ক্ষতিসাধন হৈছে।

অৱশ্যে অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱা নাই।

জুইত ছবিগৃহটোৰ বহু আসন, আচবাব আদি ছাই হৈ যায়।

উল্লেখ্য দিল্লীৰ উপহাৰ ছবিগৃহতে ১৯৯৭ চনৰ ১৩ জুনত ঘটা ভয়ংকৰ অগ্নিকাণ্ডত ৫৯ জন লোক নিহত হৈছিল আৰু ১০০ ৰো অধিক লোক আহত হৈছিল।