NORTHEAST NOW (Assamese)

ভাৰত-ভূটান সীমান্তৰ দৰঙামেলাত ভয়াৱহ অগ্নিকাণ্ড,বিস্তৰ ক্ষতি

November 18, 2021 12:54 pm · দীপক কুমাৰ পাঠক, বাক্সা
Updated: November 18, 2021 12:56 pm

তামুলপুৰৰ ভাৰত- ভূটান সীমান্তৰ দৰঙামেলাত আজি পুৱতি নিশা ভয়াৱহ অগ্নিকাণ্ড।

অগ্নিকাণ্ডত জাহ গ’ল চাৰিখনকৈ কাপোৰৰ ব্যবয়সীক প্ৰতিষ্ঠান।

স্থানীয় লোকৰ সহযোগত আৰক্ষী আৰু SSB ৰ ৬৪ নং বেটেলিয়নৰ বিষয়া জোৱানে উপস্থিত হৈ নিৰ্বাপন কৰে জুই।

কেইবা লক্ষাধিক টকাৰ সামগ্ৰী জুইত জাহ যোৱা বুলি জানিব পৰা গৈছে।

দৰঙামেলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গোপাল দলেৰ নেতৃত্বত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ দল।

অগ্নিকাণ্ড সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Related News