NORTHEAST NOW (Assamese)
অসম

বোকাজানত অগ্নিকাণ্ডত জাহ গ’ল অবৈধ সুৰাৰ গুদাম, তৈলবাহী টেংকাৰ

Posted by: নংগি তেৰাং Updated by: নংগি তেৰাং December 2, 2018 8:02 pm
burnt beer

কাৰ্বি আংলঙৰ বোকাজান আৰক্ষী থানাৰ অধীনস্থ হাংজাংলাংছত থকা অবৈধ সুৰা জব্ধ কৰি থোৱা এটা গুডামত জুই লগাৰ বাতৰি পোৱা হৈছে। ঘটনাৰ বিৱৰণি অনুসৰি, শনিবাৰে নিশা এই অগ্নিকাণ্ডটো সংঘটিত হয়। আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে যে কোনো দুষ্কৃতিকাৰীয়ে বীয়াৰ আৰু দেশীয়ভাৱে প্ৰস্তুত বিদেশী সুৰাৰ (IMFL) বটল চুৰি কৰিবলৈ আহি এই অগ্নিকাণ্ড সংঘটিত কৰিছে।

২ ডিচেম্বৰ দেওবাৰৰ দুপৰীয়া জুয়ে কাৰ্বি আংলঙৰ খটখটী আৰক্ষী থানাৰ অন্তৰ্গত দুটা বাসগৃহ ভস্মীভূত কৰে। তেলৰ টেংকাৰ পাৰ্ক কৰি থোৱা স্থানৰ পৰা এই জুইৰ সূত্ৰ পাত হৈছিল। সন্দেহ কৰা হৈছে যে কোনো তেল চুৰি কৰি থাকোঁতে এই চুৰি কাৰ্যত ব্যৱহৃত মটৰ এটাৰ পৰাই এই অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে।

বোকাজান আৰু ডিমাপুৰৰ পৰা অগ্নি নিৰ্বাপক বাহিনীৰ লোক আহি জুই নুমুৱায় আৰু জুই বিয়পি যোৱাতো ৰোধ কৰে। উল্লেখ্য যে বিগত ১১ নৱেম্বৰতো খটখটীত তেলৰ টংকাৰৰ পৰা তেল উলিওৱাৰ সময়ত এনে অগ্নিকাণ্ড ঘটিছিল। উক্ত ঘটনাত দুখন টেংকাৰ ভস্মীভূত হৈছিল। নাগালেণঅড সীমান্তত অৱস্থিত এই স্থানত আন্তঃৰাজিক তেল চুৰি চক্ৰ জড়িত থকাৰ সন্দেহ কৰা হয়।

স্থানীয় বাসিন্দাসকলে অভিযোগ কৰিছে যে আৰক্ষী আৰু প্ৰশাসনৰ লোকে এই ঠাইৰ মাফিয়াসকলৰ সৈতে যুক্ত হৈ পতিতাবৃত্তি, নাগালেণ্ডলৈ দেশীয়ভাৱে প্ৰস্তুত বিদেশী সুৰাৰ বিতৰণ আৰু চোৰাং কাৰবাৰ চলাই আছে। এই ঠাইখন ডাগছৰ কাৰবাৰ, সমগ্ৰ ভাৰতৰ পৰা অনা চোৰাং গাড়ীৰ সৰাবৰাহৰ ট্ৰেনজিট পইণ্ট হৈ পৰিছে।